নিমাতীঘাট নাও দুৰ্ঘটনাঃ অৱশেষত উদ্ধাৰ হ’ল চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ…

অৱশেষত উদ্ধাৰ হ’ল চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ।

দেৰগাঁৱৰ নিকটৱৰ্তী ভেকেলী চাপৰিত উদ্ধাৰ হৈছে চিকিৎসকগৰাকীৰ মৃতদেহ।

ব্ৰহ্মপুত্ৰত উটি অহা মৃতদেহক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছিল ভেঁকুলীচাপৰিত।

ক’লা টি-চাৰ্ট পিন্ধা মৃতদেহটো উটি অহাৰ কথা অৱগত কৰা হ’ল প্ৰশাসনক।

উদ্ধাৰৰ বাবে ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰক্ষী-প্ৰশাসনৰ দল।

নিমাতীঘাটত দুৰ্ঘটনাগ্ৰস্ত ফেৰীখনত আছিল ডাঃ বিক্ৰমজিত্‍ বৰুৱা।

৬ দিনে চিকিত্‍সকজনক বিচাৰি অভিযান চলাই আছিল SDRF-NDRFয়ে।

গড়মূৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আছিল বিক্ৰমজিত বৰুৱা।

Leave a Comment