অসম

নিমাতীঘাটত দুৰ্ঘটনাগ্ৰস্ত ফেৰী ‘মা কমলা’ৰ স্বত্বাধিকাৰ পানীৰাম কলিতাক গ্ৰেপ্তাৰ…

নিমাতীঘাটত দুৰ্ঘটনাগ্ৰস্ত ফেৰী ‘মা কমলা’ৰ স্বত্বাধিকাৰ পানীৰাম কলিতাক গ্ৰেপ্তাৰ।

ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিং হোমৰ পৰা গ্ৰেপ্তাৰ কৰা হয় কলিতাক।

বৰ্তমান তেওঁক যোৰহাট আৰক্ষী থানাতে ৰখা হৈছে।

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ ঘটনাত বৰ্তমানলৈকে ১২ জন লোকক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে।

দেওবাৰে আটক কৰা উক্ত ফেৰীখনৰ তিনিজন কৰ্মচাৰী তথা পানীৰাম কলিতাৰ পুত্ৰ গৌতম কলিতাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ফেৰীখনৰ বাকী কৰ্মচাৰীসকল হ’ল ইঞ্জিন ড্ৰাইভাৰ বদন দত্ত, কালেক্টৰ বিপুল বৰা আৰু গুৰিয়াল প্ৰশান্ত পামেগাম।

আদালতে এই চাৰিগৰাকী লোকক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

আনহাতে, ইয়াৰ পূৰ্বে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সাতগৰাকী কৰ্মচাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

আদালতে গ্ৰেপ্তাৰ হোৱা এইসকল কৰ্মচাৰীক ছদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছে।

উল্লেখ্য যে, ৮ ছেপ্টেম্বৰত সংঘটিত হোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাটোত ইতিমধ্যে দুজনৰ মৃত্যু ঘটাটো নিশ্চিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *