অসম

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাঃ গভীৰ উদ্বেগ প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মাজুলীৰ কমলাবাৰী আৰু যোৰহাটৰ নিমাতীঘাটমুখী দুখন ফেৰীৰ মাজত আকস্মিক দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰি কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেবিনেট মন্ত্ৰী সোণোৱালে তাৎক্ষণিকভাৱে ফোনযোগে যোগাযোগ কৰিছে আৰু বিষয়টো সন্দৰ্ভত আলোচনা কৰিছে।

যাত্ৰীসকলৰ উদ্ধাৰৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে ফোনযোগে উল্লেখ কৰিছে।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ তৰফৰপৰাও এইক্ষেত্ৰত যথাসম্ভৱ সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিয়ে বুলি সজানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *