অসম

নিমাতীঘাটৰ নাও দুৰ্ঘটনাক লৈ উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰীৰ, উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰি তুলিবলৈ নিৰ্দেশ…

নিমাতিঘাটৰ সমীপত সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে।

এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ সহযোগত উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰি তুলিবলৈ মুখ্যমন্ত্ৰীয়ে যোৰহাট আৰু মাজুলী জিলা প্ৰশাসনক নিৰ্দেশ দিছে।

ঘটনাৰ চৰজমিন বুজ লোৱাৰ বাবে মন্ত্ৰী বিমল বৰাক তৎকালে ঘটনাস্থলীত উপস্থিত হ’বলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ লগতে প্ৰধান সচিব সমীৰ কুমাৰ সিনহাক অহৰ্নিসে পৰিস্থিতি নিৰীক্ষণৰ বাবে তেওঁ নিৰ্দেশ দিছে।

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কাইলৈ নিজেও নিমাতিঘাটত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল’ব।

ভয়ংকৰ নাও দুৰ্ঘটনাৰ পিছতেই মুখ্যমন্ত্ৰীৰ মাজুলী কাৰ্যসূচী।

Leave a Reply

Your email address will not be published. Required fields are marked *