দুৰ্ঘটনাত পতিত হৈ ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যোৱা ফেৰীৰ সন্ধান লাভ।
ডুবাৰু দলে সন্ধান উলিয়াইছে ফেৰীখনৰ।
ফেৰীখনৰ পৰা মানুহ উলিওৱাৰ চেষ্টা ডুবাৰু দলৰ।
আৰক্ষী অধীক্ষকৰ মতে উদ্ধাৰ কৰা হৈছে ২০ জন লোকক।
বৰ্তমানেও ৪০ জনতকৈও অধিক লোক সন্ধানহীন।
অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছে এগৰাকী যুৱতীক।
চি পি আৰ দিয়াৰ ফলত জীৱন ঘূৰাই পাইছে যুৱতীগৰাকীয়ে।
যোৰহাট মেডিকেল কলেজলৈ লৈ যোৱা হৈছে যুৱতীগৰাকীক।









