নিপন গোস্বামীৰ অভিনয় চায়েই অভিনয় কৰিবলৈ শিকিছিলোঁঃ যতীন বৰা…

বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই।

বৃহস্পতিবাৰে পুৱা ৯.১৫ বজাত গুৱাহাটীস্থিত নেমকেয়াৰ হস্পাতালত ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে।

অভিনেতা গৰাকীৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰিছে ৰাজ্যবাসীক।

বলিষ্ঠ অভিনেতা গৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেতা যতীন বৰাই।

জনপ্ৰিয় অভিনেতা গৰাকীৰ বিয়োগত অসমীয়া সাংস্কৃতিক জগতত ব্যাপক ক্ষতি হোৱা বুলি মন্তব্য কৰে যতীন বৰাই।

তেওঁ কয়- নিপন গোস্বামীৰ অভিনয় চায়েই অভিনয় কৰিবলৈ শিকিছিলোঁ। নিপন গোস্বামী আমাৰ কাৰণে এটা অনুষ্ঠান আছিল। তেওঁৰ বিয়োগত মই সঁচাকৈ মৰ্মাহত হৈছো। নিপন দাৰ লগত কাম কৰা বহুত স্মৃতিয়ে আজি মোক আমনি কৰিছে। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰাৰ কামনা কৰিছো। অসমীয়া চলচ্চিত্ৰ উদ্যোগতটো আজি পিতৃহাৰা হ’ল।

উল্লেখ্য যে, শুক্ৰবাৰে নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব নিপন গোস্বামীৰ।