
আজিও ৭০ শতাংশ অসমৰ মানুহে মোক নিপন গোস্বামীৰ জীয়েক বুলিয়ে ভাবেঃ নিশিতা গোস্বামী…
বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই।
বৃহস্পতিবাৰে পুৱা ৯.১৫ বজাত গুৱাহাটীস্থিত নেমকেয়াৰ হস্পাতালত ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে।
অভিনেতা গৰাকীৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰিছে ৰাজ্যবাসীক।

বলিষ্ঠ অভিনেতা গৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে।
সংবাদ মাধ্যমৰ আগত নিপন গোস্বামীৰ সৈতে কটোৱা স্মৃতি সোঁৱৰি হুকহুকাই কান্দি উঠিল নিশিতা গোস্বামী।
তেওঁ কয়- মই গৰ্ব কৰিছিলো যেতিয়া অসমৰ ৭০% মানুহে মোক নিপন গোস্বামীৰ জীয়ৰী বুলি ভাবে।
‘মোৰ কবলৈ একো ভাষা নাই। মোৰ জীৱনত ভাল ভাল ছবি কেইখন নিপন দাৰ লগত কৰিছো। আমাৰ এতিয়া কোনো নাইকিয়া যেন হৈ গৈছে।- নিশিতা গোস্বামী।
সিদিনা ফাইন কাটোতে মোৰ নামৰ লগতে নিপন গোস্বামীক পিতা বুলি লিখিছিল আৰক্ষীয়ে- নিশিতা গোস্বামী।
লগতে চাওকঃ
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বাৰ্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে

- আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

- ৰাছিয়া-ইউক্ৰেইন যুদ্ধত নিহত ৫১ জন ভাৰতীয়ৰ পৰিয়াললৈ ক্ষতিপূৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা

- নিশাৰ অন্ধকাৰতো পণ্যৰ দৰে বিক্ৰী হ’ব সূৰ্যৰ কিৰণ! ভাৰতীয় ৰকেটৰ সহায়ত মহাকাশত অভিলাষী প্ৰকল্প আমেৰিকান ষ্টাৰ্টআপৰ

- আজিৰ দিনটোৰ ৰাশিফল










