নিজ দলৰ চৰকাৰৰ বনমন্ত্ৰীৰ বিৰুদ্ধেই কিয় সৰৱ হৈ পৰিল বিধায়ক অতুল বৰা…

নিউজ ডেস্ক। আমচাঙৰ ভূমি বেদখল আৰু বনাঞ্চল তহিলং কৰাক লৈ পুনৰ তথাকথিত প্ৰকৃতিপ্ৰেমী আৰু নিজ দলৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল দিছপুৰ সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰা।

মুখ্যমন্ত্ৰীৰ কামৰ প্ৰশংসা কৰি বাকীবোৰক জিৰ’ আখ্যা দিলে বিধায়কগৰাকীয়ে।

সেয়াই নহয়, নিজ দলৰ চৰকাৰৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যকো কাম নাইকিয়া মন্ত্ৰী অভিহিত কৰিলে অতুল বৰাই।

অতুল বৰাই কয় যে গুৱাহাটীৰ গা-তে লাগি থকা আমচাংৰ ভূমি আজি বেদখল হৈছে, একেলগে ৩ হাজাৰ মূল্যবান গছ কাটি তহিলং কৰা হৈছে।

কাৰ নিৰ্দেশত এনেদৰে ধ্বংসযজ্ঞ চলিছে? প্ৰকৃতিপ্ৰেমী, সাংবাদিক সকলে আমচাংলৈ গৈ খবৰ নলয় কিয় বুলিও প্ৰশ্ন কৰে বিধায়কগৰাকীয়ে।

এদিন আমচাংৰ হাতীয়ে আহি বিধানসভা ভাঙিব বুলি মন্তব্য কৰি অতুল বৰাই এই বিষয়টো বিধানসভাৰ মজিয়াত সজোৰে উত্থাপন কৰাৰ পিছতো গুৰুত্ব লাভ নকৰাৰ অভিযোগ তোলে।

নিজ দলৰ চৰকাৰৰ বিৰুদ্ধেই সৰৱ হৈ পৰা বিধায়ক অতুল বৰাই কিয়, “মই মুখ্যমন্ত্ৰীৰ কামৰ প্ৰশংসা কৰো। কিন্তু বাকীবোৰ জিৰ’ হলে কাম কেনেকৈ হব?”

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক সমালোচনা কৰি তেওঁ কয়, “বনমন্ত্ৰীৰ বাবে উপযুক্তই নহয় তেওঁ। এনে এজন অযোগ্য মানুহক কেলেই বনমন্ত্ৰী কৰি ৰাখিছে? সব তহিলং কৰি পেলাইছে।”

উল্লেখ্য যে, জু ৰোডত ফ্লাই অভাৰ নিৰ্মাণৰ বাবে ৪ জোপা গছ কটাৰ বিৰুদ্ধে একাংশ প্ৰকৃতিপ্ৰেমীয়ে কৰা প্ৰতিবাদৰ প্ৰতিক্ৰিয়া স্বৰূপে এইদৰে মন্তব্য কৰে বিধায়ক গৰাকীয়ে।

৪ জোপা গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সকলে আমচাংলৈ গৈ প্ৰতিবাদ কিয় নকৰে বুলি প্ৰশ্ন কৰে অতুল বৰাই।

Leave a Comment