আদালতলৈ অনা অৱস্থাতে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন দুই আচামীৰ…

যোৰহাট আদালত চৌহদত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।

যোৰহাট আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন দুই আচামীৰ।

যোৰহাটত আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিছে চুৰিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দুটা চোৰ।

লিচুবাৰী আৰক্ষীয়ে আদালতলৈ অনা অৱস্থাত পলায়ন কৰিছে দুই অভিযুক্তই।

অভিযুক্ত চোৰ দুটা হৈছে উমাকান্ত নায়ক আৰু সোনা নায়ক।

আৰক্ষীয়ে শনিবাৰে আদালতত হাজিৰ কৰিবলৈ আনিছিল দুই চোৰক। আৰু সেই সময়তে আৰক্ষীৰ চকুত ধূলি দি পলাই যায় দুই অভিযুক্ত।

বিগত ৮ ফেব্রুৱাৰীত ১৯২/২২ নম্বৰ গোচৰত লিচুবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুই যুৱকক।

ইতিমধ্যে এই ঘটনাক লৈ যোৰহাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Leave a Comment