১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত কৰ’ণাৰ বাবে মানিব লাগিব এই তিনিটা নিয়ম! মুখ্যমন্ত্ৰীৰ ঘোষণা…

ৰাজ্যত ১৫ ফেব্ৰুৱাৰীৰ পৰা নাথাকিব ক’ভিডৰ কোনো নিষেধাজ্ঞা।

কৰ’ণাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰ।

কিন্তু ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যবাসীয়ে মানিব লাগিব তিনটা বিশেষ নিয়ম।

সেই বিশেষ নিয়ম কেইটা হৈছে মাস্ক-ছেনিটাইজাৰ-ভেকচিন।

মাছখোৱাত অনুষ্ঠিত এক দলীয়া সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত নাথাকে নৈশ সান্ধ্য আইন। নাথাকে কোনো বাধ্যবাধকতা। কৰণাৰ বাবে থাকিব কেৱল তিনিটা নিয়ম। সেই কেইটা হৈছে মাস্ক-ছেনিটাইজাৰ-ভেকচিন। মাস্ক পৰিধান কৰি থাকিব লাগিব। ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব। ঠাই সমূহো ছেনিটাইজ কৰি থাকিব লাগিব সময়ে সময়ে।

লগতে দুয়োটা ভেকচিন গ্ৰহণ কৰা এতিয়াৰে পৰা বাধ্যতামূলক হব। বিবাহ অনুষ্ঠান, অন্য অনুষ্ঠান আদিতো দুয়োটা ভেকচিন বাধ্যবাধকতা।

স্কুল কলেজৰ শিক্ষাৰ্থীৰ লগতে পৰীক্ষাত বহিবৰ বাবেও দুয়োটা ভেকচিন বাধ্যকতা হব শিক্ষাৰ্থীৰ বাবে।

Leave a Comment