নিউজ ডেস্কঃ দেশৰ অন্যতম ধনী ব্যক্তি গৌতম আদানীয়ে আজি ভৰি দিলে ৬০ বছৰ বয়সত। জীৱনৰ এই বিশেষ দিনটোত গৌতম আদানীয়ে সামাজিক কাম-কাজৰ বাবে, বিশেষকৈ স্বাস্থ্যসেৱা, শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত অনুদান হিচাপে ৬০ হাজাৰ কোটি টকা আগবঢ়োৱাৰ ঘোষণা কৰিছে।

আদানী গ্ৰুপৰ তৰফৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত কোৱা হয়, “গৌতম আদানীৰ পিতৃ শান্তিলাল আদানীৰ শতবাৰ্ষিকী বৰ্ষৰ লগতে গৌতম আদানীৰ নিজৰ ৬০ সংখ্যক জন্মদিনৰ দিনা আদানী পৰিয়ালে একাধিক সামাজিক কামত ৬০ হাজাৰ কোটি টকাৰ অনুদান আগবঢ়াইছে। এই অনুদান আদানী ফাউণ্ডেচনে পৰিচালনা কৰিব।’’

গৌতম আদানীয়ে কয়, “স্বাস্থ্যসেৱা, শিক্ষা, আৰু দক্ষতা বিকাশক সামগ্ৰিকভাৱে অগ্ৰাধিকা দিলেহে ভৱিষ্যতে এখন সমতাপূৰ্ণ আৰু উন্নয়ন সম্ভৱ হ’ব। বৃহৎ প্ৰকল্পৰ পৰিকল্পনা আৰু নিষ্পাদনৰ ক্ষেত্ৰত আমাৰ অভিজ্ঞতা আৰু আদানী ফাউণ্ডেচনে কৰা কামৰ পৰা পোৱা শিকিব পৰাটোৱে আমাক এই কাৰ্যসূচীসমূহক অনন্যভাৱে ত্বৰান্বিত কৰাত সহায় কৰিব।’’

কোম্পানীটোৰ মতে, আদানী ফাউণ্ডেচনে আজি ভাৰতৰ ১৬খন ৰাজ্যৰ ২৪০৯খন গাঁৱৰ ৩৭ লাখ লোকক সামৰি লৈছে।









