অসমঅসমীয়া

নিজৰ ৫০ বছৰীয়া জন্মদিনলৈ K K ক আমন্ত্ৰণ জনাব বিচাৰিছিল জুবিন গাৰ্গে, কিন্তু তাৰ পূৰ্বেই আকস্মিক বিচ্ছেদ দুই বন্ধুৰ!

নিউজ ডেস্কঃ ১৮ নৱেম্বৰত জন্মদিন অসমৰ হাৰ্টথ্ৰৱ কণ্ঠশিল্পী জুবিন গাৰ্গৰ।

জন্মদিনলৈ মাজত মাত্ৰ আৰু ৫ মাহ। নিজাববীয়াকৈ কেতিয়াও জন্মদিন উদযাপন কৰিবলৈ নিবিচৰা জুবিন গাৰ্গে, কিন্তু তেওঁৰ ৫০ বছৰীয়া জন্মদিনটোৰ বাবে বিশেষ পৰিকল্পনা প্ৰস্তুত কৰি ৰাখিছিল।

মুম্বাইত থকা কালত কেইজনমান বিশেষ ব্যক্তিৰ সৈতে ভাল বন্ধুত্ব গঢ়ি উঠিছিল কণ্ঠশিল্পী জুবিন গাৰ্গৰ।

তেওঁলোকো সংগীত জগতৰ একো একোটা উজ্বল নক্ষত্ৰ। আৰু তেওঁলোকক লৈয়ে নিজৰ ৫০ বছৰীয়া জন্মদিনটো জীপাল কৰি তোলাৰ পৰিকল্পনা কৰিছিল জুবিন গাৰ্গে।

image 8

জন্মদিনৰ বিশেষ ক্ষণত ভাল বন্ধু তথা কণ্ঠশিল্পী ছান, কুনাল গাঞ্জাৱালা, মহালক্ষ্মীক অসমলৈ আমন্ত্ৰণ জনোৱাৰ কথা ভাৱিছিল জুবিন গাৰ্গে।

লগতে অসমলৈ মতাৰ কথা আছিল মুম্বাইৰ অভিন্ন বন্ধু কে কে ওৰফে কৃষ্ণকুমাৰ কুন্নাথকো।

কিন্তু নিজৰ জন্মদিনলৈ আটাইতকৈ ভাল বন্ধুজনক নিমন্ত্ৰণ জনোৱাৰ সপোন আধৰুৱা হৈ ৰ’ল জুবিন গাৰ্গৰ।

image 9

মঙলবাৰে কলকতাত লাইভ কনচাৰ্টৰ পিছতে মৃত্যুক সাৱটি লয় কণ্ঠশিল্পী কে কেয়ে।

৭০০ ৰো অধিক ভিন্ন ভাষাৰ গীতত কণ্ঠ নিগৰোৱা জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ বাতৰিয়ে মৰ্মাহত কৰিছে তেওঁৰ অসংখ্য অনুৰাগীক।

উল্লেখ্য যে, হিন্দী, গুজৰাটী আদি অন্যান্য ভাষাৰ লগতে অসমীয়া গীততো কণ্ঠদান কৰিছিল কে কেয়ে। মুম্বাইত থকাকালত জুবিন গাৰ্গৰ সৈতে এক ভাল বন্ধুত্ব গঢ়ি উঠিছিল তেওঁৰ।

আৰু সেই বন্ধুত্বৰ বাবেই নিজৰ ৫০ বছৰীয়া জন্মদিন উদযাপনত কে কেক অসমলৈ আমন্ত্ৰণ জনোৱাৰ কথা ভাৱিছিল জুবিন গাৰ্গে।

সমান্তৰালভাৱে অসমলৈ আহিবলৈ আগ্ৰহী হৈ আছিল বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীও।

কিন্তু দুয়োগৰাকী বন্ধুৰ ইচ্ছা পূৰণ হোৱাৰ পূৰ্বেই অকল্পনীয়ভাৱে ঘটা বিচ্ছেদে স্বাভাৱিকতে মৰ্মাহত কৰিছে জুবিন গাৰ্গকো।

Leave a Reply

Your email address will not be published. Required fields are marked *