অসম

অসম আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চোৰাং চিকাৰী, অৰুণাচলত কৰি আছিল আত্মগোপন…

অসম আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চোৰাং চিকাৰী।

শদিয়া আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ দিবাংভেলীৰ কাবাং বস্তীৰ পৰা আটক কৰে এজন দুধৰ্ষ গঁড় চিকাৰীক।

আটকাধীন চোৰাং চিকাৰীটো গোলাঘাট জিলাৰ ৰজাপুখুৰী গাঁৱৰ হবিবুৰ ৰহমান বুলি জানিব পৰা গৈছে।

সোমবাৰে নিশা শদিয়া জিলা আৰক্ষী দলে গোপন সূত্ৰৰ পম খেদি এক অভিযান চলাই অৰুণাচল প্ৰদেশৰ দিবাংভেলী জিলাৰ কুলদিল অঞ্চলৰ কাবাং বস্তীত আত্মগোপন কৰি থকা অৱস্থাত হবিবুৰক আটক কৰে।

image 10

আৰক্ষী সূত্ৰে জানিব পৰা মতে, ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দীৰ্ঘদিন ধৰি গঁড় নিধন কৰি অহা চোৰাং গঁড় চিকাৰীৰ সৈতে জড়িত থকাৰ সন্দেহত অসম আৰক্ষীয়ে অনুসন্ধাত অব্যাহত ৰখাৰ সময়তে ধৃত গঁড় চিকাৰীটো অৰুণাচলত আত্মগোপন কৰি আছিল।

অৱশেষত শদিয়া আৰক্ষীৰ দলে সোমবাৰে নিশা অভিযান চলাই উক্ত চোৰাং গঁড় চিকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *