নিজে গুলীবিদ্ধ হৈও উগ্ৰপন্থীৰ এম্বুশ্বত গুলীবিদ্ধ এছপিৰ প্ৰাণৰক্ষা কৰা আৰক্ষী বিষয়াৰ বিয়ােগ…

নিউজ ডেস্ক। আলফাৰ বিৰুদ্ধে যুঁজ দি ৰাষ্ট্ৰপতিৰ পৰা পদক লাভ বাবুল আলীৰ বিয়োগ।

১৯৯৭ চনত নগাঁৱত আলফাৰ বিৰুদ্ধে চলোৱা অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা অসম আৰক্ষীৰ তদানীন্তন জোৱান বাবুল আলীৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে নগাঁওবাসীক।

তেওঁৰ অকাল মৃত্যুত শােকস্তব্ধ হৈ পৰিছে অসম আৰক্ষীৰ পৰিয়াল।

FPGlgpOUYAMFzoO
নিজে গুলীবিদ্ধ হৈও উগ্ৰপন্থীৰ এম্বুশ্বত গুলীবিদ্ধ এছপিৰ প্ৰাণৰক্ষা কৰা আৰক্ষী বিষয়াৰ বিয়ােগ... 3

দীৰ্ঘদিনৰ পৰা মধুমেহ ৰোগত আক্ৰান্ত হৈ থকা বাবুল আলী গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন হৈ থকাৰ সময়তে শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৭ বছৰ।

উল্লেখ্য যে, ১৯৯৭ চনত সমগ্ৰ অসমৰ লগতে নগাঁও জিলাতো শক্তিশালী হৈ আছিল সশস্ত্ৰ সংগঠন আলফা। সেই সময়ত নগাঁৱৰ আৰক্ষী অধীক্ষক তথা আইপিএছ প্ৰদীপ কুমাৰৰ নেতৃত্বত নগাঁও চহৰৰ সমীপৱৰ্তী পলাশনিত আলফাৰ বিৰুদ্ধে এক অভিযান চলোৱা হৈছিল।

কিন্তু এই অভিযানকালত আৰক্ষীক ঘেৰি ধৰি আলফাই চৌদিশৰ পৰা গুলীবৰ্ষণ কৰাত আহত হয় আৰক্ষী অধীক্ষক প্ৰদীপ কুমাৰ।

সেই সময়ত আৰক্ষী অধীক্ষকগৰাকীৰ সৈতে বাহন চালক হিচাপে কৰ্তব্য পালন কৰি থকা বাবুল আলীয়ে সাহসৰে আলফাৰ এম্বুশ্বৰ পৰা আৰক্ষী অধীক্ষকগৰাকীক উলিয়াই আনি জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়।

বাবুল আলীয়ে দেখুওৱা এই সাহসিকতা আৰু নিষ্ঠাৰ বাবে ১৯৯৮ চনত তেওঁক ৰাষ্ট্ৰপতিৰ পুৰস্কাৰো প্ৰদান কৰা হয়। ইফালে কৰ্মদক্ষতাৰে বাবুল আলীয়ে পৰৱৰ্তী সময়ত নগাঁও আৰক্ষীৰ সশস্ত্ৰ শাখাৰ পৰিদৰ্শক পদলৈ পদোন্নতিও লাভ কৰে।

একনিষ্ঠা, সততা আৰু সাহসেৰে সুদীৰ্ঘ কাল অসম আৰক্ষীৰ হকে সেৱা আগবঢ়োৱা বাবুল আলীৰ মৃত্যুৰ বাতৰিয়ে শোকৰ সৃষ্টি কৰিছে নগাঁৱত।

তেওঁৰ মৃত্যু খবৰ লাভ কৰাৰ পিছতে গভীৰ দুখ ব্যক্ত কৰে নগাঁও আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া-জোৱানে। বুধবাৰে বিয়লি নগাঁও আৰক্ষী ছাউনীত বাবুল আলীক সামৰিক মৰ্যাদাৰে শেষ বিদায় জনায় নগাঁও আৰক্ষীয়ে।

লগতে চাওকঃ

প্ৰসৱৰ সময়ত মহিলাৰ মৃত্যু, চিকিৎসক দম্পতীৰ বিৰুদ্ধে ৰুজু হত্যাৰ গােচৰ আৰু তাৰ পিছত…

G1 50
নিজে গুলীবিদ্ধ হৈও উগ্ৰপন্থীৰ এম্বুশ্বত গুলীবিদ্ধ এছপিৰ প্ৰাণৰক্ষা কৰা আৰক্ষী বিষয়াৰ বিয়ােগ... 4

Leave a Comment