অসম

একেৰাহে ১১০ কিঃমিঃ সাঁতুৰি ১৩ ঘণ্টা ৫০ মিনিটত কলম্বোৰ পৰা চেন্নাইত উপস্থিত অসমৰ দুই গুৰু-শিষ্য …

শ্ৰীলংকাত অসমৰ দুই সন্তৰণবিদৰ বিশ্ব অভিলেখ।

একেৰাহে ১১০ কিঃমিঃ সাঁতুৰি ১৩ ঘণ্টা ৫০ মিনিটত কলম্বোৰ পৰা চেন্নাইত উপস্থিত।

image 16

সুদুৰ কলম্বোৰ পৰা চেন্নাইলৈ ভাৰত মহাসাগৰত ১১০ কিঃমিঃ সাঁতুৰি এই বিৰল কৃতিত্ব অৰ্জন অসমৰ গুৰু-শিষ্যৰ।

image 15

অসমৰ দক্ষ সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুং আৰু তেখেতৰ প্ৰশিক্ষাৰ্থী কস্তুৰী গগৈয়ে লাভ কৰিছে এই কৃতিত্ব।

বুধবাৰে নিশা ১টা বজাত শ্ৰীলংকাৰ ৰাজধানী চহৰ কলম্বোৰ মানাৰ দ্বীপৰ পৰা সাঁতোৰ আৰম্ভ কৰি দুপৰীয়া ২:৫০ বজাত ভাৰতবৰ্ষৰ তামিলনাডুৰ আৰ্চুল মোলাইত উপস্থিত হয় প্ৰশিক্ষক বাবুল গুৰুং আৰু শিক্ষাৰ্থী কস্তুৰী গগৈয়ে।

১০ বছৰীয়া কস্তুৰীৰ দুঃসাহসিক ক্ৰীড়াত স্তম্ভিত সাঁতোৰক্ষেত্র।

image 17

১০ বছৰ বয়সত একেৰাহে ১৩ ঘণ্টা ৫০ মিনিট সাঁতুৰি ভাৰত মহাসাগৰ অতিক্ৰম কৰা প্ৰথমগৰাকী সাঁতোৰবিদ হোৱাৰ বিশ্ব ৰেকৰ্ড গঢ়িলে কস্তুৰী গগৈয়ে।

অসমৰ গুৰু-শিষ্যৰ এই কৃতিত্বত এতিয়া গৌৰৱান্বিত ৰাজ্যবাসী।

Leave a Reply

Your email address will not be published. Required fields are marked *