দেশৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাৰ ৩২ সংখ্যক স্থানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক। দেশৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত স্থান দখল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা ২০২২ বৰ্ষৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত ৩২ সংখ্যক স্থান লাভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

G1 52
দেশৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাৰ ৩২ সংখ্যক স্থানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 4

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ শৰ্মাই ২০২১ৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত ৬২ সংখ্যক স্থানত আছিল যদিও এইবাৰ তেওঁ ৰাহুল গান্ধীকো চেৰ পেলাই ৩২ সংখ্যক স্থান লাভ কৰিছে।

অসম তথা উত্তৰ-পূবত বিজেপিৰ ধাৰাবাহিক বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবেই মুখ্যমন্ত্ৰীই এই তালিকাত স্থান লাভ কৰা বুলি উল্লেখ কৰা হৈছে।

FPAobKMVsAA3X3S
দেশৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাৰ ৩২ সংখ্যক স্থানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 5

গুৰুত্বপূৰ্ণ কথা যে, পূৰ্বৰ তালিকাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও স্থান লাভ কৰিছিল যদিও ২০২২ বৰ্ষৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল সোণোৱালে।

স্বাভাৱিকতে এই তালিকাত পূৰ্বৰ দৰেই এইবাৰো শীৰ্ষ স্থান দখল কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

আনহাতে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিছে ক্ৰমে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু আৰএছএছৰ প্ৰধান মোহন ভাগৱতে।

কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধী আছে এই তালিকাৰ ৫২ সংখ্যক স্থানত।

লগতে চাওকঃ

নিজে গুলীবিদ্ধ হৈও উগ্ৰপন্থীৰ এম্বুশ্বত গুলীবিদ্ধ এছপিৰ প্ৰাণৰক্ষা কৰা আৰক্ষী বিষয়াৰ বিয়ােগ…

G2 39
দেশৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাৰ ৩২ সংখ্যক স্থানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 6

Leave a Comment