ৰাষ্ট্ৰীয়অসমীয়া

নিজে অধ্যয়ন কৰা IIT লৈ ১০০ কোটি টকাৰ বৰঙনি এগৰাকী প্ৰাক্তন ছাত্ৰৰ…

নিউজ ডেস্ক। ইণ্ডিগো এয়াৰলাইনছৰ সহ-প্ৰতিষ্ঠাপক ৰাকেশ গাংৱালে কানপুৰ স্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ IIT কানপুৰলৈ ১০০ কোটি টকাৰ বৰঙনি আগবঢ়াইছে।

তেওঁ আগবঢ়োৱা এই ধনৰাশি কানপুৰৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানে ইতিমধ্যে নিৰ্মাণ কৰি থকা এখন নতুন বিদ্যালয়, স্কুল অফ মেডিকেল চাইন্সেছ এণ্ড টেকন’লজীৰ বাবে ব্যৱহাৰ কৰা হ’ব।

p4 1

উল্লেখ‍্য যে চৰকাৰী পুঁজিৰ বাহিৰেও, আই.আই.টিয়ে প্ৰতিষ্ঠানটােৰ বিকাশ ত্বৰান্বিত কৰিবলৈ আৰু আকাংক্ষিত সম্প্ৰসাৰণৰ বাবে বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ সহযােগ তথা প্ৰাক্তন শিক্ষাৰ্থীৰ পৰা বৰঙণিৰ ওপৰত অধিক নিৰ্ভৰ কৰে।

আই.আই.টি. কানপুৰৰ সঞ্চালক অভয় কাৰান্দিকাৰে সোমবাৰে এই ঘোষণা কৰি কয়, “এক অসাধাৰণ নিদৰ্শন দাঙি ধৰি ইণ্ডিগো এয়াৰলাইনছৰ সহ-প্ৰতিষ্ঠাপক, আমাৰ প্ৰাক্তন ছাত্ৰ শ্ৰীৰাকেশ গাংৱালে আইআইটি কানপুৰৰ চিকিৎসা বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিদ্যালয়ক সহযোগীতাৰ উদ্দেশ‍্যেৰে ১০০ কোটি টকাৰ বৰঙণিৰে সৰ্ববৃহৎ ব্যক্তিগত অনুদান আগবঢ়াইছে।”

উল্লেখযোগ্য যে কানপুৰ স্থিত ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ প্ৰাক্তন কীৰ্তি ছাত্ৰ গাংৱালে পৰবৰ্তী সময়ত নিৰ্মিয়মান বিদ্যালয়খনৰ পৰামৰ্শদাতা পৰিষদত যোগদান কৰিব।

p6 2

আই.আই.টি. কানপুৰে যোৱা বছৰেই চিকিৎসা গৱেষণা আৰু প্ৰযুক্তিবিদ্যাৰ এখন বিদ্যালয় খোলাৰ কথা ঘোষণা কৰিছিল, কিয়নো তেওঁলোকে বহুমুখী হ’ব বিচাৰে তথা অভিযান্ত্ৰিক বিদ্যা, প্ৰযুক্তিবিদ‍্যা আৰু চিকিৎসা গৱেষণাক এটাক আনটোৰ পৰিপূৰক হিচাপে গঢ়ি তুলিব বিচাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *