ৰাষ্ট্ৰীয়অসমীয়া

অঘটন! তীৰ্থযাত্ৰীৰ বাছত বিদ‍্যুৎ প্ৰৱাহিত হৈ ২ ভাতৃসহ ৩ জনৰ শােকাৱহ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ দুৰ্ঘটনা। পথৰ ওপৰেদি পাৰ হৈ যােৱা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ আহিল তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ।

বাছত বিদ্যুৎ প্ৰৱাহিত হৈ মৃত্যু ঘটিল দুগৰাকী ভাতৃসহ ৩ জন লােকৰ।

এই ঘটনা মংগলবাৰে পুৱা সংঘটিত হ’ল ৰাজস্থানৰ জয়সলমেৰত।

G2 4

এই ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ছয়জন লোক বিদ্যুৎস্পৃষ্ট হৈ আহত হৈছে।

আহত সকলৰ মাজৰ ২ জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

আহত সকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আনহাতে গুৰুতৰ ভাৱে আহত যাত্ৰীসকলক যোধপুৰলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। 

1 4 edited

উল্লেখ‍্য যে দুৰ্ঘটনাটোত মৃত্যু হোৱা  ৰাণাৰাম মেঘৱাল আৰু নাৰায়ণৰাম মেঘৱাল সম্পৰ্কীয় ককাই-ভাই আছিল। দুয়ো খিনিয়া গাঁৱৰ বাসিন্দা আছিল।

ইয়াৰ উপৰিও মৃত্যু হোৱা তৃতীয় জন ব্যক্তিৰ নাম পদ্মৰাম মেঘৱাল বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, বাছখন চলন্ত অৱস্থাত থকা সময়তে ৰাস্তাৰ ওপৰেৰে পাৰ হৈ যোৱা এডাল বৈদ্যুতিক তাঁৰে বাছখন স্পৰ্শ কৰাৰ ফলতে বাছখন বিদ‍্যুৎপৃষ্ট  হয়।

ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে এক তদন্ত আৰম্ভ কৰিছে।

ইফালে ৰাজ‍্যখনৰ  মুখ্যমন্ত্ৰী অশোক গেহলটে এটা টুইট যোগেৰে  এই ঘটনাটোত তীব্ৰ  শোক প্ৰকাশ কৰিছে।

উল্লেখ‍্য যে ৰাজস্থানৰ জালোৰ জিলাত পূৰ্বতেও অনুৰূপ ঘটনা সংঘটিত হৈছিল। ২০২১ বৰ্ষত এখন যাত্ৰী ভৰ্তি বাছ মহেশপুৰা গাঁৱত বৈদ্যুতিক তাঁৰৰ সৈতে অসাৱধানবশতঃ সংযোগ  ঘটি  বাছখনত থকা প্ৰায় দুই কেবাজনাে যাত্ৰী অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *