অসম

APSC কেলেংকাৰী গোচৰৰ ‘চাৰ্জ ফ্রেম’ সম্পন্ন, কেলংকাৰীত অভিযুক্ত দুজনক দোষমুক্ত…

APSC কেলেংকাৰী গোচৰৰ ‘চাৰ্জ ফ্রেম’ সম্পন্ন।

মুঠ ৬৭ জনৰ বিৰুদ্ধে ‘চাৰ্জফ্ৰেম’।

কেলংকাৰীত অভিযুক্ত দুজনক দোষমুক্ত।

কেলংকাৰীত অভিযুক্ত অধিবক্তা শৈলেন শইকীয়া, ব্যৱসায়ী সুৰজিৎ চৌধুৰী দোষমুক্ত।

দুয়োজন অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰিব নোৱাৰিলে কোনো তথ্য, প্ৰমাণ।

দোষমুক্ত হোৱা সুৰজিৎ চৌধুৰী কেলংকাৰীত অভিযুক্ত পল্লৱী চৌধুৰীৰ স্বামী।

আনহাতে দুই অভিযুক্ত সুদীপ দাস আৰু ৰাজীৱ পালক পলাতক ঘোষণা আদালতৰ।

এই দুয়োজনৰ বিৰুদ্ধে ‘চাৰ্জফ্ৰেম’ কৰা হোৱা নাই।

ৰাজীৱ পাল APSC কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালৰ ভাতৃ।

সুদীপ দাস ৰাকেশ পালৰ ব্যক্তিগত সহায়ক। তেওঁ চৰকাৰী কৰ্মচাৰী নাছিল।

APSC কেলংকাৰী গোচৰত মুঠ ৬৭জনক অভিযুক্ত কৰি ‘চাৰ্জ ফ্রেম’।

‘চাৰ্জফ্রেম’ কৰা ৬৭ জন অভিযুক্তৰ ভিতৰত ৬০ জনেই হৈছে প্রাৰ্থী।

আন ৭ জন হৈছে APSC সদস্য আৰু কৰ্মচাৰী।

৬৭ গৰাকীৰ বিৰুদ্ধে গোচৰৰ শুনানিৰ পৰৱৰ্তী দিন ধাৰ্ষ কৰা হৈছে ২১, ২২ আৰু ২৩ এপ্ৰিল।

এই সময়ছোৱাত আদালতে সাক্ষ্য গ্ৰহণ কৰিব।

গোচৰটোৰ সৈতে আছে কেইবাজনো ৰাজ সাক্ষী।

অভিযুক্তসকলৰ বিৰুদ্ধে যি ধাৰা প্ৰয়োগ কৰা হৈছে সেই ধাৰাত দোষী প্ৰমাণ হ’লে ১০ বছৰ পৰ্যন্ত জে’ল হোৱাৰ সম্ভাৱনা।

Leave a Reply

Your email address will not be published. Required fields are marked *