নাবালিকাক যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল অইলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী…

ডিগবৈৰ ভাৰতীয় তেল নিগমৰ এক অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপন হৈছে নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ।

কেইবাদিন ধৰি ঘৰত বনকৰা এগৰাকী প্ৰায় ৯ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ খবৰে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

যোৱা ৩০ মে’ত পোহৰলৈ অহা এই লজ্জাজনক কাণ্ড এক চক্ৰই থাপি-থুপি থবলৈ চেষ্টা কৰিছিল যদিও ২ নং বৰবিল প্ৰাথমিক বিদ্যালয় কৰ্তৃপক্ষৰ সাহসী পদক্ষেপৰ বাবে ঘটনাটো পোহৰলৈ আহে।

অভিযোগ অনুসৰি, ডিগবৈ থানাৰ অন্তৰ্গত ২ নং বৰবিলৰ প্ৰসন্ন গগৈ (৬৪) নামৰ আই অ’ চিৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনে শিশু আইন উলংঘা কৰি তথা অবৈধভাৱে নাবালিকাগৰাকীক বনকৰা কিশোৰী হিচাপে ঘৰত নিয়োগ কৰিছিল আৰু পত্নীৰ অনুপস্থিতিত নাবালিকাগৰাকীক যৌন নিৰ্যাতন চলাই আহিছিল।

যোৱা ৩০ মে’ তাৰিখে স্থানীয় ২ নং বৰবিল প্ৰাথমিক বিদ্যালয়ত তৃতীয় শ্রেণীত পঢ়ি থকা নাবালিকাগৰাকীৰ মুখত দাগ প্ৰত্যক্ষ কৰি বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে সন্দেহ বশত তাইক সোধা-পোচা কৰাত প্ৰসন্ন গগৈ নামৰ লম্পটটোৱে তাইক যৌন নিৰ্যাতন চলাই অহাৰ কথাটো পোহৰলৈ আহে।

শিক্ষয়িত্ৰীসকলে ভুক্তভোগীৰ ভাষ্য মোবাইলত ৰেকৰ্ডিং কৰি পৰৱৰ্তী সময়ত প্ৰসন্ন গগৈৰ বিৰুদ্ধে ডিগবৈ থানাত এজাহাৰ দাখিল কৰে।

ইফালে চাইল্ড লাইনেও বিষয়টো জানিব পাৰি থানাত উপস্থিত হৈ নাবালিকাগৰাকীৰ দায়িত্ব গ্ৰহণ কৰে।

দাখিল কৰা এজাহাৰৰ ভিত্তিত ডিগবৈ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ (এ বি), ৮ পকছ’ ধাৰাত এক গোচৰ ৰুজু কৰি অভিযুক্ত প্ৰসন্ন গগৈক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

Leave a Comment