অসম

মহানগৰীৰ ডাউন টাউনৰ সমীপত ৰহস্যজনক অগ্নিকণ্ড, জাহ গ’ল ৩ খন চাৰিচকীয়া বিলাসী বাহন

মহানগৰীৰ ডাউন টাউনৰ সমীপত নিশা ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনা।

অগ্নিকাণ্ডত জাহ গ’ল তিনিখনকৈ বিলাসী চাৰিচকীয়া বাহন৷

ৰত্নেশ্বৰ দাস নামৰ লোকজনৰ বাসগৃহত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা।

মহেশ্বৰ দাস নামৰ এজনে অগ্নিসংযোগ কৰাৰ অভিযোগ পৰিয়ালৰ।

পৰিয়ালটোত গাড়ী চালক হিচাপে এসময়ত কাম কৰিছিল মহেশ্বৰ দাসে।

বিভিন্ন সময়ত পৰিয়ালটোক ধনদাবী কৰি মানসিক হাৰাশাস্তি কৰি অহাৰ অভিযোগ।

সেয়েহে কেইমাহমান পূৰ্বে কামৰ পৰা উলিয়াই দিছিল মহেশ্বৰক।

তাৰ পিছত মহেশ্বৰে পৰিয়ালটোক দি আহিছিল ভয় ভাবুকি।

আজিয়ো অগ্নিকাণ্ডৰ পিছত মহেশ্বৰে গাড়ীত অগ্নিসংযোগ কৰা বুলি স্বীকাৰ কৰা বুলি সদৰী কৰে পৰিয়াটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *