ৰাজ্যত ডেংগুৰ ভয়ংকৰ ৰূপ! ১০ দিনত ডেংগুত আক্ৰান্ত ৭২৬ জন, GMCHত মৃত্যু দুজনৰ…

ৰাজ্যত প্ৰতিদিনে অতি ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

যোৱা ১০ দিনত ৰাজ্যত ডেংগুত আক্ৰান্ত হৈছে ৭২৬ জনকৈ লোক।

ইয়াৰে ভিতৰত ৬৫ জনেই কাৰ্বি আংলং জিলাৰ।

ৰাজ্যৰ ভিতৰতে কাৰ্বি আংলঙত সৰ্বাধিক ডেংগুত আক্ৰান্তৰ সংখ্যা।

ইফালে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু ঘটিছে দুজনকৈ আক্ৰান্তৰ।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সূত্ৰই সদৰী কৰা তথ্য মতে, বিগত ২৪ ঘণ্টাত কাৰ্বি আংলঙত সর্বাধিক ৬৫ জন আক্ৰান্ত হোৱাৰ বিপৰীতে গুৱাহাটীত নজন, তিনিচুকীয়াত সাতজন আৰু বৰপেটা, বঙাইগাঁও আৰু কামৰূপ গ্ৰাম্য জিলাত এজনকৈ লোক আক্ৰান্ত হৈছে।

গুৱাহাটী মহানগৰীৰ দিছপুৰ অঞ্চলকে ধৰি কেতবোৰ নিৰ্দিষ্ট স্থানত নিতৌ ডেংগু আক্রান্ত লোক চিনাক্ত হৈছে।

ইফালে, চিকিৎসাধীন অৱস্থাত জিএমচিএইছত মৃত্যু ঘটিছে কাৰ্বি আংলঙৰ ডকমকাৰ ধনচিং ইংতি নামৰ এজন লোকৰ। আকৌ যোৱা সাত নৱেম্বৰতো অটল ৰংপি নামৰ আন এজন লোকৰ মৃত্যু ঘটিছিল।

এনএইছএমৰ সূত্ৰটোৱে সদৰী কৰা মতে, কাৰ্বি আংলঙৰ ডিফুত ডেংগুৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বিগত ২৪ ঘণ্টাত ডিফুৰ পাণবাৰী অঞ্চলত ২৪ জনকৈ লোকৰ ডেংগু পজিটিভ চিহ্নিত হৈছে। উল্লেখ্য যে ডিফু মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা ২৫৬ জনলৈ বৃদ্ধি পাইছে।