হস্তনিৰ্মিত পিষ্টলসহ আৰক্ষীৰ জালত অস্ত্ৰ সৰবৰাহৰ লগত জড়িত ৫ দুধৰ্ষ ডকাইত…

অপৰাধীৰ ঘাটিলৈ যেন পৰিণত হৈছে নগাঁও জিলা।

নগাঁৱত এতিয়া সুলভ হৈ পৰিছে ডিমাপুৰৰ পৰা সৰবৰাহ হোৱা 9MM পিষ্টল।

মাত্ৰ ৭০হাজাৰ টকাতে আপুনি ক্ৰয় কৰিব পাৰিব 9MMপিষ্টলসহ ৬ ৰাউণ্ড সজীৱ গুলী।

এই তথ্য পোহৰলৈ আহিছে নগাঁও আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা ৫ দুধৰ্ষ ডকাইতৰ স্বীকাৰোক্তিৰ পৰা।

শুক্ৰবাৰে নিশা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত নগাঁও আৰক্ষী আৰু চিআৰপিএফৰ এটা দলে চহৰখনৰ সমীপৱৰ্তী হেৰাপট্টিত অভিযান চলাই এটা হস্তনিৰ্মিত পিস্তল সহ ৫ দুধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত কেইটা হৈছে আইনুদ্দিন, সমীৰউদ্দিন, আব্দুল জলিল, আব্দুল কাদিৰ আৰু মজিবুৰ ৰহমান।

ধৃত ডকাইত কেইটাই বিগত বহুদিন ধৰি ডিমাপুৰৰ পৰা অস্ত্ৰ সৰবৰাহৰ বিক্ৰী কৰা কামতো জড়িত আছিল বুলি স্বীকাৰ কৰে ধৃত ডকাইত কেইটাই।

সম্প্ৰতি আটাই কেইটা ডকাইতক বৰ্তমান নগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীয়ে গোপন তথ্যৰ ভিত্তিত এই ডকাইত কেইটাৰ বিৰুদ্ধে অভিযান চলাইছিল।

Leave a Comment