অসমীয়াঅসম

নতুন বছৰৰ আৰম্ভণিতে কাকপথাৰৰ বোৱাৰী হ’ব ফ্ৰান্সৰ জুলি! সাত সাগৰ পাৰ কৰি পালেহি স্বামীৰ ঘৰ…

নিউজ ডেস্কঃ নৱবৰ্ষৰ আৰম্ভণিতে অসমৰ বোৱাৰী হ’বলৈ সাজু হৈছে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ফ্ৰান্সৰ এগৰাকী সুন্দৰী যুৱতী।

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কৈলাশপুৰৰ নিৱাসী প্ৰাঞ্জলৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’বলৈ সাজু হৈছে ফ্ৰান্সৰ কন্যা জুলি।

নৱবৰ্ষৰ আৰম্ভণিতে জুলি আহি হ’বলগীয়া স্বামীৰ ঘৰত উপস্থিত হোৱাত উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয় সমগ্ৰ গাঁওখনত।

অসমীয়া সাজ পৰিধান কৰি হাতত তামোল-পাণৰ বঁটা লোৱা বিদেশী বোৱাৰীক চাবলৈ প্ৰাঞ্জলৰ ঘৰত ভিৰ কৰেহি অগণন লোকে।

জানিব পৰা মতে, কৰ্মসূত্ৰে আয়াৰলেণ্ডত বাস কৰে কৈলাশপুৰৰ নীলকান্ত চেতিয়া আৰু অঞ্জলি চেতিয়াৰ পুত্ৰ প্ৰাঞ্জল চেতিয়াই।

তাতেই ফ্ৰান্সৰ জীয়াৰী জুলিৰ সৈতে চিনাকি হৈছিল প্ৰাঞ্জলৰ।

চাক্ষুস পৰিচয়ে লাহে লাহে ভালপোৱাৰ ৰূপ লোৱাত পৰিয়ালৰ সন্মতি মৰ্মে এতিয়া বিবাহ পাশত আৱদ্ধ হ’বলৈ ওলাইছে প্ৰাঞ্জল আৰু জুলি।

তেওঁলোকে জানিবলৈ দিয়া মতে, অহা ২২ ফেব্ৰুৱাৰীত সম্পন্ন হ’ব তেওঁলোকৰ সামাজিক ৰীতি-নীতিৰ বিবাহ অনুষ্ঠান।

ইফালে বিদেশী বোৱাৰী পাই এতিয়া সুখী হৈ পৰিছে প্ৰাঞ্জলৰ পিতৃ-মাতৃও।