গঁড় হত্যা প্ৰতিৰোধত সফল হোৱা অসম চৰকাৰক অভিনন্দন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ! অসমীয়াতে কৰিলে টুইট…

নিউজ ডেস্কঃ অসম গৌৰৱ এশিঙীয়া গঁড়ক সুৰক্ষিত কৰাৰ প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

অসমীয়া টুইট কৰি গঁড়ক সুৰক্ষিত কৰাৰ প্ৰচেষ্টাত সক্ৰিয়ভাৱে জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে।

টুইটাৰত তেওঁ লিখিছে, ”এয়া এক অতি সুখৰ খবৰ! গঁড়ক সুৰক্ষিত কৰাৰ প্ৰচেষ্টাত সক্ৰিয়তাৰে জড়িত হৈ থকা অসমৰ সকলোকে মই অভিনন্দন জনাইছোঁ।’’

উল্লেখ্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ টুইটযোগে কাজিৰঙাৰ গঁড়ৰ চোৰাং চিকাৰৰ তথ্য প্ৰদাশ কৰিছিল।

মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্যানুসৰি, ২০২২ বৰ্ষত সংঘটিত হোৱা নাই এটাও গঁড়ৰ চোৰাং চিকাৰৰ ঘটনা।

ইয়াৰ পূৰ্বে ২০২১ চনত দুটা গঁড়ৰ চোৰাং চিকাৰীৰ হাতত মৃত্যু ঘটা বুলি তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে।