ৰাষ্ট্ৰীয়অসমীয়া

ক’ভিড-১৯ৰ প্ৰতিষেধকৰ বাবে চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ মৃত্যুৰ অভিযােগ ! ১০০০ কোটিৰ ক্ষতিপূৰণ দাবীৰে ন্যায়ালয়ৰ দ্বাৰস্থ পিতৃ

নিউজ ডেস্ক। ক’ভিড-১৯ৰ প্ৰতিষেধক গ্ৰহণৰ বাবে মৃত্যু হৈছে কন্যাৰ। – এই দাবী কৰি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এজন পিতৃ।

জীয়াৰীৰ মৃত্যুৰ ক্ষতিপূৰণ হিচাপে ব্যক্তিজনে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে প্ৰতিষেধক নিৰ্মাতা প্ৰতিষ্ঠানৰ পৰা এহেজাৰ কোটি টকাৰ ক্ষতিপূৰণ বিচৰিছে।

8

আবেদনকাৰী ঔৰঙ্গাবাদৰ নিবাসী দিলীপ লুনাৱতে দাবী কৰা মতে, তেওঁৰ কন্যা স্নেহালৰ কোভিশ্বিল্ড ভেকছিনৰ পাৰ্শ্বক্ৰিয়াৰ ফলত যোৱা বছৰ মৃত্যু ঘটে।

পিতৃৰ দাবী অনুসৰি, নাছিকত অধ্যয়নৰত চিকিৎসা বিজ্ঞানৰ ছাত্ৰী স্নেহালে ২০২১ৰ ২৮ জানুৱাৰীত চৰকাৰী স্বাস্থ্যকৰ্মীৰ পৰা এই ভেকচিন গ্ৰহণ কৰিছিল।

ভেকচিন গ্ৰহণৰ সময়ত এয়া সুৰক্ষিত আৰু ইয়াৰ পৰা কোনো শাৰীৰিক বিপদ ঘটাৰ সম্ভাৱনা নাই বুলি আশ্বাস প্ৰদান কৰিছিল স্বাস্থ্যকৰ্মীয়ে।

কিন্তু ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ ফলতে ভেকচিন গ্ৰহণৰ প্ৰায় এমাহ পিছত অৰ্থাৎ ১ মাৰ্চত মৃত্যু ঘটে স্নেহালৰ।

কন্যাৰ এই মৃত্যুৰ পিছতে মহাৰাষ্ট্ৰ চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় চিৰাম ইনষ্টিটিউটৰ বিৰুদ্ধে বোম্বে উচ্চ ন্যায়ালয়ৰ দাৰস্থ হয় দিলীপ লুনাৱত, আৰু কন্যাৰ মৃত্যুৰ ক্ষতিপূৰণ হিচাপে ১০০০ কোটি টকা দাবী কৰে।

ইফালে লুনাৱাতৰ আবেদনত দাবী কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ এইএফআই সমিতিয়ে ২ অক্টোবৰ, ২০২১ ত স্বীকাৰ কৰিছিল যে তেওঁৰ কন্যাৰ মৃত্যু কোভিশ্বিল্ড ভেকছিনৰ পাৰ্শ্বক্ৰিয়াৰ বাবে হৈছে।

দিলীপ লুনাৱতে কয়, “মোৰ ছোৱালীৰ বাবে ন্যায় পাবলৈ আৰু আৰু বহুলোকৰ জীৱন ৰক্ষা কৰিবলৈ এই আবেদন দাখিল কৰা হৈছে। অৱশ্যে, এতিয়ালৈকে আদালতে আৱেদনৰ শুনানিৰ বাবে কোনো তাৰিখ নিৰ্ধাৰণ কৰা নাই।”

লগতে চাওকঃ

গুৰুতৰভাৱে অসুস্থ এগৰাকী প্ৰাক্তন সেনা বিষয়াৰ প্ৰাণ ৰক্ষা কৰিলে ছুইগীৰ ডেলিভাৰী বয়ে

G4

Leave a Reply

Your email address will not be published. Required fields are marked *