নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিলম্বন আৰু গ্ৰেপ্তাৰৰ দাবী শ্বেৰমান আলীৰ

নিউজ ডেস্ক। নগাঁৱৰ ছাত্ৰ নেতা কীৰ্তি কমল বৰা গুলীচালনাৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদন দাখিলৰ পিছতে বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আহমেদে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক নিলম্বন আৰু গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক দাবী জনাদে।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি শ্বেৰমান আলীয়ে কয়, “যেতিয়া মই দুমাহ কাৰাগাৰত আছিলো, মই এনে বহুতো বন্দীক লগ পাইছিলো যাক আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰত গুলীয়াইছিল।”

তেওঁ লগতে কয়, “তেওঁলোকে মোক কৈছিল যে তেওঁলোকক এনে স্থানলৈ লৈ যোৱা হৈছিল য’ত তেওঁলোকক দৌৰিবলৈ বাধ্য কৰা হৈছিল আৰু যদি তেওঁলোকে নকৰে, আৰক্ষীয়ে তেওঁলোকক কম পৰিসৰৰ পৰা গুলিবিদ্ধ কৰিছিল। মোৰ এনে লাগিছে যে ৯৯ শতাংশ এনকাউণ্টাৰ ভুৱা।”

শ্বেৰমানে লগতে কয় যে গণতন্ত্ৰত আৰক্ষীয়ে সকলো সিদ্ধান্ত ল’ব নোৱাৰে আৰু কেৱল এজন ব্যক্তিক গুলীয়াই, এজনক দোষী ঘোষণা কৰিব নোৱাৰি।

তেওঁ কয় যে কোন দোষী সেয়া ন্যায়পালিকাই সিদ্ধান্ত ল’ব। তেওঁ লগতে কয়, “এতিয়াও অভিযুক্ত ব্যক্তি এজনৰ ওপৰত গুলিচালনা কৰাটো কোনো বিকল্প নহয়”।

বিধায়কজনে দাবী কৰে যে অতিৰিক্ত মুখ্য সচিবৰ প্ৰতিবেদনে ভুৱা এনকাউণ্টাৰটো প্ৰমাণ কৰিছে, য’ত কীৰ্তিকমলক আৰক্ষীয়ে গুলীয়াইছিল আৰু কেনেকৈ এছপিয়ে তেওঁক এটা ভুৱা গোচৰত অভিযুক্ত সজাবলৈ চেষ্টা কৰিছিল।

তেনে পৰিপ্ৰেক্ষিতত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক তৎক্ষণাৎ নিলম্বন আৰু গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় শ্বেৰমান আলীয়ে। যদি তদন্ত কৰা নহ’লহেঁতেন, হয়তো ভুৱা এনকাউণ্টাৰৰ বিষয়ে আনন্দ মিশ্ৰৰ সত্যতা গোপন হৈয়ে থাকিলহেঁতেন বুলিও মন্তব্য কৰে বিধায়কজনে।

Leave a Comment