অসম

স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে শিল্পী অপূৰ্ব বেজবৰুৱাৰ…

স্বাস্থ্যৰ ক্ৰমাৎ অৱনতি ঘটিছে বিশিষ্ট শিল্পী অপূৰ্ব বেজবৰুৱাৰ।

সোমবাৰে ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অপূৰ্ব বেজবৰুৱা বৰ্তমান আই চি ইউত চিকিৎসাধীন হৈ আছে।

দিছপুৰ পলিক্লিনিকত চিকিৎসাধীন হৈ থকা বিশিষ্ট শিল্পী গৰাকীক অহৰহ চিকিৎসকৰ নিৰীক্ষণত আছে।

উল্লেখ্য যে সোমবাৰে পুৱা প্ৰায় ১০ বজাত শিল্পীগৰাকীয়ে শাৰীৰিক অসুস্থতা অনুভৱ কৰে আৰু ইয়াৰ পিছতে তেওঁ অচেতন হৈ পৰে।

ইয়াৰ লগে লগে তেওঁক দিছপুৰ পলিক্লিনিকত ভৰ্তি কৰোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *