অসম

হিজাব বিতৰ্ক! নগ্নতাৰ বিৰুদ্ধেহে হ’ব লাগে প্ৰতিবাদঃ শ্বেৰমান আলী

কোনে কি পিন্ধিব তাৰ বিৰুদ্ধে নহয়, নগ্নতাৰ বিৰুদ্ধেহে হ’ব লাগে প্ৰতিবাদ।

কৰ্ণাটকত হিজাব পৰিধান কৰি বিদ্যালয়ত প্ৰৱেশ কৰা – নকৰাক লৈ চলি থকা তীব্ৰ বিতৰ্ক সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ মন্তব্য বিধায়ক শ্বেৰমান আলীৰ।

শ্বেৰমান আলীয়ে কয়- এনেকুৱা নিকৃষ্ট ৰাজনীতি কৰিব নালাগে। নগ্নতাৰ বিৰুদ্ধেহে প্ৰতিবাদ হ’ব লাগে, কোনে কি পিন্ধিব তাৰ বিৰুদ্ধে নহয়। কিন্তু নিকৃষ্ট ৰাজনীতি কৰিব নালাগে।

সকলোৰে কাপোৰ পিন্ধাক লৈ নিজস্ব অধিকাৰ থাকে। কাপোৰৰ প্ৰতি নিয়ন্ত্ৰণ নথকাৰ বাবে যৌন উৎপীড়ন বৃদ্ধি পায় বুলি মোৰ ধাৰণা। গতিকে নগ্নতাৰ বিৰুদ্ধেহে প্ৰতিবাদ হ’ব লাগে।

উল্লেখ্য যে, কৰ্ণাটকত হিজাব বিতৰ্কই তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে মঙলবাৰে মুস্কান নামৰ এগৰাকী ছাত্ৰীয়ে হিজাব পৰিধান কৰি মহাবিদ্যালয়ত প্ৰৱেশ কৰাক লৈ তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছিল।

ছাত্ৰীগৰাকীয়ে মহাবিদ্যালয়ত প্ৰৱেশ কৰাৰ লগে লগে হিজাবৰ বিৰোধিতা কৰি একাংশ হিন্দু ধৰ্মৰ ছাত্ৰ আৰু এটা গোটে ছাত্ৰীগৰাকীক উদ্দেশ্যি ‘জয় শ্ৰী ৰাম’ ধ্বনি দিয়ে।

প্ৰায় অৰ্ধশতাধিক ছাত্ৰ তথা প্ৰতিবাদকাৰীৰ সন্মুখত হিজাব পৰিহিত মুস্কান অকলশৰীয়া হৈ পৰে যদিও তেওঁ সাহসিকতাৰে মুখামুখি কৰি ‘আল্লাহ হু আকবৰ’ৰে ‘জয় শ্ৰী ৰাম’ ধ্বনিৰ প্ৰত্যুত্তৰ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *