শনিবাৰে নিশা নগাঁৱত আৰক্ষীৰ গুলীত প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰা আহত হোৱা ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
আৰক্ষীৰ এণ্টি নাৰ্কোটিক স্কোৱাডে চলোৱা গুলীত আহত হয় কীৰ্তিকমল বৰা।
সোঁভৰিত গুলী লগা ছাত্ৰ নেতাজনক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে নিশাই কীৰ্তিকমল বৰাক GMCH ত ভৰ্তি কৰোৱা হয়।
ইফালে, যুৱকজনক আৰক্ষীয়ে ষড়যন্ত্ৰমূলকভাৱে গুলীওৱাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে।
আনহাতে, আৰক্ষীৰ অভিযোগ অনুসৰি কীৰ্তিকমল বৰাই আক্ৰমণ কৰিছিল কৰ্তব্যৰত আৰক্ষীক।
আৰক্ষীৰ দলটোৱে তেনেই ওচৰৰ পৰা গুলীয়াই আহত কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।
মাতৃৰ বাবে ঔষধ আনিবলৈ যোৱা বুলি সদৰি কৰিছে যুৱকজনৰ পৰিয়ালে।
আনহাতে নিশাই ঘটনাস্থলীত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ উপস্থিত হৈ ছাত্ৰ নেতাগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ।
ইপিনে কীৰ্তিকমল বৰাৰ ওপৰত পুলিচী আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহনা দিছে ৰাইজৰ দলে।
পুলিচৰ এই কাণ্ডক হিটলাৰী তন্ত্ৰৰ আখ্যা ৰাইজৰ দলৰ।
নগাঁৱৰ পুলিচ বিষয়া গৰাকীক অনতিপলমে নিলম্বনৰ দাবী জনাইছে অখিল গগৈয়ে।
ইপিনে GMCHত চিকিৎসাৰ অন্তত কীৰ্তিকমলৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি।









