অসম

অ’ এন জি চিৰ পাইপ লাইনত ভয়ংকৰ অগ্নিকাণ্ড…

অ’ এন জি চিৰ পাইপ লাইনত ভয়ংকৰ অগ্নিকাণ্ড।

যোৰহাট জিলাৰ কুঁৱৰী পুখুৰী অঞ্চলত দেওবাৰে পুৱা অ‘ এন এন জি চি পাইপ ফুটি ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

বৰহোলা জি জি এছৰ পৰা যোৰহাট লৈ সংযোগী খাৰুৱা তেল সৰবৰাহ কৰাৰ পাইপত এই জুই লাগে।

ফলত কেইবা ফুট উচ্চতালৈ জুই জ্বলি উঠি অঞ্চলটো কলা ধোঁৱাৰে আৱৰি পেলায়।

ইতিমধ্যে ঘটনা স্থলিত যোৰহাট আৰু লিচুবাৰীৰ আৰক্ষী উপস্থিত হৈছে।

ইফালে অ ‘ এন জি চিৰ কৰ্তৃপক্ষই ঘটনাৰ অনুসন্ধান আৰু জুই নিৰ্বাপিত কৰিবলৈ উপস্থিত হৈছে বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ডৰ ফলত কুঁৱৰীপুখুৰী অঞ্চলটোত বৰ্তমানে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *