জম্মু-কাশ্মীৰত কৰুণ মৃত্যু ভাৰতীয় সেনাত কৰ্মৰত অসমৰ জোৱানৰ, ১০ মাৰ্চত আছিল নিজৰ বিয়া…

নিউজ ডেস্ক। এক মৰ্মান্তিক ঘটনা।

জম্মু-কাশ্মীৰত কৰুণ মৃত্যুক সাৱটিলে ভাৰতীয় সেনাত কৰ্মৰত অসম সন্তান বিশ্বজিত গগৈয়ে।

শৰীৰত গুলী লাগি বিশ্বজিতৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। 

জম্মু কাশ্মীৰৰ নগ্ৰতাত কৰ্মৰত আছিল জোৱানজন।

96
জম্মু-কাশ্মীৰত কৰুণ মৃত্যু ভাৰতীয় সেনাত কৰ্মৰত অসমৰ জোৱানৰ, ১০ মাৰ্চত আছিল নিজৰ বিয়া... 3

বিশ্বজিতৰ ঘৰ  দেৰগাঁৱৰ সমীপৱৰ্ত্তী গড়গুৰি অঞ্চলত।

বুধবাৰে নিশা শৰীৰত গুলী লাগি মৃত্যু হৈছে বীৰ জোৱানজনৰ।

পিছে কেনেকৈ বিশ্বজিতৰ শৰীৰত গুলী লাগিল সেইয়া এতিয়াও স্পষ্ট হোৱা নাই।

মৃত্যুৰ পূৰ্বেও মাতৃৰ সৈতে ফোনত কথা পাতিছিল বিশ্বজিতে।

উল্লেখ্য যে, ১০ মাৰ্চত নিজৰ বিয়াৰ দিনবাৰ থিক কৰা হৈছিল বিশ্বজিতৰ।

অহা ২২ ফেব্ৰুৱাৰীত বিয়া বুলি ছুটি লৈ ঘৰলৈ অহাৰ কথা আছিল। কিন্তু যোৱা বুধবাৰে সংঘটিত হোৱা এক ঘটনাই যেন সকলো শেষ কৰি পেলালে।

লগতে চাওকঃ

অনিমেশ ভূঞাৰ সপোনৰ ৰেস্তোৰাঁখন নিৰ্মাণত সহযোগ কৰিব সাংসদ গৌৰৱ গগৈয়ে

G3 1 1
জম্মু-কাশ্মীৰত কৰুণ মৃত্যু ভাৰতীয় সেনাত কৰ্মৰত অসমৰ জোৱানৰ, ১০ মাৰ্চত আছিল নিজৰ বিয়া... 4

Leave a Comment