অসম

ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ প্ৰবক্তা গোপাল চন্দ্ৰ মালাকাৰক গ্ৰেপ্তাৰ…

ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ প্ৰবক্তা গোপাল চন্দ্ৰ মালাকাৰক গ্ৰেপ্তাৰ।

ধুবুৰী থানাত ৰুজু হৈ থকা এক গোচৰৰ ভিত্তিত গ্রেপ্তাৰ কৰা হয় গোপাল চন্দ্র মালাকাৰক।

১.৫০ কোটি টকীয়া কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তৰ কৰা হয় মালাকাৰক।

২০১৭-১৮ বিত্তীয় বৰ্ষত কলেজৰ অট্টালিকা নিৰ্মাণৰ বাবে আবণ্টিত ধন লুণ্ঠনৰ অভিযোগ মালাকাৰৰ বিৰুদ্ধে।

ধন লুণ্ঠনৰ অভিযোগ আছিল পূৰ্বৰ অধ্যক্ষ সন্তোষ কুমাৰ মালাকাৰৰ বিৰুদ্ধে আৰু সন্তোষ কুমাৰ মালাকাৰৰ পুত্র হৈছে অধ্যাপক গোপাল চন্দ্র মালাকাৰ।

উত্থাপিত অভিযোগ অনুসৰি ১ কোটি টকাৰ ৫০ লাখ টকা মোকলাই নিছিল পিতা-পুত্রই।

ইতিমধ্যে জামিন লাভ কৰিছে সন্তোষ কুমাৰ মালাকাৰে।

ইফালে সমগ্ৰ ঘটনাত নাম সাঙোৰ খোৱাৰ পিছৰে পৰা আত্মগোপন কৰি আছিল অধ্যাপক গোপাল চন্দ্র মালাকাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *