
বৃহস্পতিবাৰে বান বিধ্বস্ত ডিমা হাচাওলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…
বছৰটোৰ প্ৰথমটো বানত আক্ৰান্ত ৰাজ্যবাসী।
ক্ৰমাৎ জটিল হৈ পৰা বানপানীৰ কবলত পৰিছে ৰাজ্যৰ ২৬ খনকৈ জিলাৰ লাখ লাখ লোক।
বিভিন্ন স্থানত খাদ্য, খোৱাপানী, বাসস্থানৰ সংকটে দেখা দিছে।
ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগতে ইয়াৰ উপনৈ সমূহৰো বৃদ্ধি পাইছে জলস্তৰ।
তথ্য অনুসৰি ২৬ খন জিলাৰ প্ৰায় ৪ লাখ লোক এতিয়া বানৰ কবলত।
বানৰ সমান্তৰাল ভাৱে গৰাখহনীয়া, ভূমিস্খলনে অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে।
শেহতীয়া তথ্য অনুসৰি বান, ভূমিস্খলনৰ ফলত ৰাজ্যত প্ৰায় ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে লাখ লাখ লোক ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে।
নগাঁও, ছিপাঝাৰ, হাফলং, শিলচৰ আদি বিভিন্ন জিলাত বানে ধাৰণ কৰিছে কালৰূপ।
বানপানী আৰু ভূমিস্খলনৰ ফলত পাহাৰীয়া জিলা ডিমা হাচাওত সৃষ্টি হৈছে অবৰ্ণনীয়া পৰিস্থিতিৰ।
বায়ুসেনাৰ হেলিকপ্টাৰৰ জড়িয়তে জিলাখনত চলি আছে উদ্ধাৰ অভিযান৷
ডাওটাহোজা ৰেলৱে ষ্টেচনত আবদ্ধ হৈ থকা ৰেলৱে কৰ্মচাৰী তথা পৰিয়ালক উদ্ধাৰ চালাইছে৷
বৃহস্পতিবাৰে ডিমা হাচাও জিলাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
হেলিকপ্টাৰেৰে বান পৰিস্থিতি পৰ্যাবেক্ষণ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে।





