অসম

কংগ্ৰেছে মূৰ্খৰ দৰে কাম কৰিছে! মোক শ্ব’কজ দিব লাগিছিল, নিদিলে, কংগ্ৰেছ দল শেষঃ নীলমণি সেন ডেকা

প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক দলৰ পৰা বহিস্কাৰ কৰাৰ পিছতে কংগ্ৰেছ দলৰ বিৰুদ্ধে মুখ খুলিছে নেতাগৰাকীয়ে।

কংগ্ৰেছে মূৰ্খৰ দৰে কাম কৰিছে। মোক শ্ব’কজ দিব লাগিছিল, নিদিলে। কংগ্ৰেছ দল শেষ বুলি মন্তব্য কৰে নেতাগৰাকীয়ে।

লগতে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ ব্যক্ত কৰি সংবাদ মাধ্যমৰ সন্মুখত তেওঁ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক ‘পাগল হোৱা’ বুলিও মন্তব্য কৰে।

তেওঁ কয়, মই বিভিন্ন সময়ত দলৰ নেতৃত্বৰ বিৰুদ্ধে এতিয়ালৈকে যিবোৰ অভিযোগ উত্থাপন কৰিছো, একেদৰে দলৰ আন জ্যেষ্ঠ নেতাইও এনেধৰণৰ অভিযোগ উত্থাপন কৰিছে। কিন্তু প্ৰদেশ কংগ্ৰেছে মোক পোনচাতেই বহিষ্কাৰৰ সিদ্ধান্ত লোৱাৰ মূল কাৰণ মোৰ হাতত এনেকুৱা অভিযোগৰ তথ্য আছে যিবোৰে ধুমুহাৰ সৃষ্টি কৰিব পাৰে।

সেয়েহে ততাতৈয়াকৈ মোক বহিষ্কাৰৰ সিদ্ধান্ত লৈ এই সকল নেতাই গাধৰ দৰে কাম কৰিছে। ভাৰতৰ সংবিধান বা আমাৰ দলৰ সংবিধান ক’তোৱেই কোনো অভিযুক্তক কৈফিয়ৎ তলৱ আৰু কৈফিয়ৎত সন্তুষ্ট নহ’লে নিলম্বন নকৰাকৈ বহিষ্কাৰ কৰাৰ বা চূড়ান্ত শাস্তি প্ৰদানৰ ব্যৱস্থা নাই।

তেওঁ কয়- সাহস আছে যদি মই কি দল বিৰোধী কাৰ্য কৰিছো সেইয়া ৰাজহুৱা কৰক। মোৰ হাতত এতিয়াও বহু অভিযোগ তথ্য সহকাৰে মজুত আছে। কোনে কোনে পইছা খাইছে, কোনে পইছা খাই লৈ ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিও ঘূৰাই দিয়া নাই সেই সকলোবোৰ ৰেকৰ্ড মোৰ হাতত আছে। প্ৰয়োজন হ’লে এইবোৰো ৰাজহুৱা কৰিম।

Leave a Reply

Your email address will not be published. Required fields are marked *