অসম

ধাৰৰ বোজাত পোত গৈছে মহানগৰ আৰক্ষী, চুক্তিবদ্ধ তেল ডিপোত ১১ কোটি টকা ধাৰ…

তীব্ৰ আৰ্থিক সংকটত ভুগিছে মহানগৰ আৰক্ষী।

চুক্তিবদ্ধ তেল ডিপোত ১১ কোটি ধাৰাৰ বোজা।

দীৰ্ঘদিন ধৰি  পেট্ৰল-ডিজেলৰ বিলৰ অনাদায় হৈ থকাৰ বাবে মহানগৰত আৰক্ষীক তেলৰ যোগান ধৰা নাই পেট্ৰ’ল ডিপোসমূহে।

২ দিন ধৰি তেল লাভ কৰা নাই ডিপোৰ পৰা।

যাৰ ফলত শীর্ষ বিষয়ায় নিজৰ ধনেৰে তেল ভৰাই দায়িত্ব সম্পাদন কৰি গৈছে।

মহানগৰত কেইটামান নিৰ্দিষ্ট ডিপো আৰক্ষীৰ বাবে নিৰ্ধাৰণ কৰা আছে।

কিন্তু তেল ডিপোসমূহত অনাদায় হৈ আছে ১১ কোটি টকাৰ বিল।

ৰাজ্য চৰকাৰে আদায় দিয়া নাই এই বৃহৎ ধনৰাশি।

যাৰ বাবে মহানগৰ আৰক্ষীক দুদিন ধৰি তেলৰ যোগান বন্ধ কৰিছে ডিপোসমূহে।

কিন্তু কিহৰ বাবে ৰাজ্য চৰকাৰে পৰিশোধ কৰিব পৰা নাই ১১ কোটি টকা?

এই ক্ষেত্ৰত বিলসমূহ পৰিশোধ কৰিবলৈ ৰাজকোষত ধনৰ অভাৱ ঘটিছে নেকি সেই সন্দৰ্ভতো প্ৰশ্নৰ উত্থাপন হৈছে।  

Leave a Reply

Your email address will not be published. Required fields are marked *