অসম

মোতকৈও ১৫ বছৰ সৰু বিজেপিৰ পৰা কংগ্ৰেছে শিকিবলগীয়া একো নাইঃ ভূপেন বৰা

মোতকৈও ১৫ বছৰ সৰু বিজেপিৰ পৰা কংগ্ৰেছে শিকিবলগীয়া একো নাই।’

কলাক্ষেত্ৰৰ প্ৰশিক্ষণ শিৱিৰৰ পৰা বিজেপি দল আৰু চৰকাৰক চৰম কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।

লগতে তেওঁ কয়- মই জন্ম হোৱাৰ ১৫ বছৰ পিছত বিজেপিৰ জন্ম হৈছে। মোৰ ককাদেউতাৰ জন্ম হোৱাৰ আগতেই কংগ্ৰেছৰ জন্ম হৈছে। গতিকে মোতকৈও ১৫ বছৰ সৰু বিজেপিৰ পৰা কংগ্ৰেছৰ শিকিব লগীয়া একো নাই।

গান্ধীজীৰ আদৰ্শই আমাৰ আদৰ্শ। বিজেপিৰ আদৰ্শ হিন্দু হ’ব পাৰে। কিন্তু গান্ধীজীতকৈ ডাঙৰ হিন্দু কোনো নাই।

জাতিৰ বিৰুদ্ধে এতিয়া ষড়যন্ত্ৰ চলিছে। জাতিৰ এই সংকটকালত আমাক বিৰোধীৰ ভূমিকা পালন কৰিবলৈ দায়িত্ব দিছে।

উন্নয়ন এতিয়া চাৰিও দিশে স্তব্ধ হৈ পৰিছে।

ৰাজ্যৰ বিত্তীয় ব্যৱস্থা এতিয়া সম্পূৰ্ণ ৰূপে ভাগি গৈছে।

জাতিয়ে সন্মুখীন হোৱা, ৰাজ্যৰ সন্মুখীন হোৱা প্ৰতিটো সমস্যাৰ নিৰ্মোহ বিশ্লেষন কৰা হ’ব প্ৰশিক্ষনত।

Leave a Reply

Your email address will not be published. Required fields are marked *