অসম

ছমাহৰ ভিতৰত পানী দিম বুলি কৰা ঘোষণা মোৰ ডাঙৰ দোষ আছিলঃ কুইন ওজা…

‘মই কথা ৰাখিব পৰা নাই। ছমাহৰ ভিতৰত পানী দিম বুলি কৰা ঘোষণা মোৰ ডাঙৰ দোষ আছিল।’

গুৱাহাটীবাসীৰ ওচৰত ব্যৰ্থতা স্বীকাৰ কৰি নিজকে দোষী বুলিলে সাংসদ কুইন ওজাই।

নিৰ্বাচনৰ আগত গুৱাহাটীবাসীক জুলাই মাহৰ ভিতৰত বিশুদ্ধ খোৱা পানী যোগানৰ কথা দি এতিয়া দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছে কুইন ওজাই।

কুইন ওজাৰ মতে এইটোৱে তেওঁৰ ডাঙৰ দুখ। মুখ্যমন্ত্ৰীক লগ পালেই এইটো কথাই পাতে কুইন ওজাই।

আগন্তুক ৬ মাহৰ ভিতৰত গুৱাহাটীবাসীক পানী দিব পাৰিব বুলি আশাবাদী সাংসদ গৰাকী।

আনহাতে, গুৱাহাটীৰ পাহাৰ খননো বোলে কেৱল টিভিতহে দেখিছে সাংসদ কুইন ওজাই। আজিলৈকে পাহাৰ খননৰ অভিযোগ পোনপটীয়াকৈ কোনোৱে দিয়া নাই সাংসদগৰাকীক। কোনোবাই অভিযোগ দিলেই DGPক ফোন কৰি পাহাৰ খনন কৰা দুষ্ট চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা ল’ব বুলি কয় সাংসদগৰাকীয়ে।

আনহাতে কৃত্ৰিম বান সন্দৰ্ভত তেওঁ কয়- কৃত্ৰিম বানৰ বাবে গুৱাহাটীবাসীৰ বহুত ভুল আছে। কোনো পৰিকল্পনা নকৰাকৈ গুৱাহাটীত নিৰ্মাণ হ’ল বিল্ডিং, অট্ৰালিকা। বিল,জলাশয় বোৰতো ঘৰ বনোৱা হ’ল যাৰ ফলত পানী ওলাই যাব নোৱাৰে। আমি কাম কৰি আছো, উন্নত প্ৰযুক্তিৰ দ্বাৰা নলা নিষ্কাষণৰ কাম কৰি থকা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *