ধনদাবী কৰি আৰক্ষীৰ জালত ভুৱা ‘আলফা’ কেডাৰ

নিউজ ডেস্ক। এইবাৰ ধনাদাবী কৰি আৰক্ষীৰ জালত পৰিল ভুৱা আলফা কেডাৰ।

যােৰহাট জিলাৰ টিয়কত আলফাৰ নামত ধন দাবী কৰা ভুৱা আলফা গ্রেপ্তাৰ।

ভুৱা আলফাজনৰ নাম চিৰাজুল হুছেইন বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, কাকজান দেৱান গাঁৱৰ দুজন লোকক আলফাৰ নামত দাবী কৰিছিল ধন চিৰাজুল হুছেইনে।

দাবী কৰা ধন আদায় নিদিলে পৰিয়ালৰ সদস্যক হত্যাৰ ভাবুকি দিছিল ভুৱা আলফা কেডাৰজনে।

গৌতম অসমৰ নামত ভুৱা পেড ব্যৱহাৰ কৰিছিল ধৃত যুৱকজনে।