এক শোকাৱহ পথ দুৰ্ঘটনা।
সুৰাসক্ত চিকিৎসকৰ বাহনৰ খুন্দাত অকালতে প্ৰাণ হেৰুৱালে ভাতৃ-ভগ্নীয়ে।
মৃত্যু ১৪ বছৰীয়া গায়ত্ৰী দাস আৰু ৮ বছৰীয়া অবিনাশ দাসৰ।
কামৰূপৰ কেন্দুকোনাত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।
জানিব পৰা মতে, ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সুৰাসক্ত চিকিৎসকৰ বাহনে মহটিয়াই নিছিল দুয়োকে।তাৰ পিছতে চিকিৎসাধীন হৈ আছিল যদিও অৱশেষত দুয়োৰে মৃত্যু হয়।
চিকিৎসক নৰেন চন্দ্ৰ নাৰ্জাৰীয়ে সুৰাসক্ত অৱস্থাত কৰিছিল দুৰ্ঘটনা।
ইপিনে ঘটনাত গুৰুতৰভাৱে আহত আন এগৰাকী কিশোৰী।
আইনাল হক নামৰ এগৰাকী ফেৰীৱালাও আহত হৈছিল দুৰ্ঘটনাটোত।









