দুৰ্ভাগ্যজনক! বিশ্বৰ সুখী দেশৰ তালিকাত ১২৫ সংখ্যক স্থানত ভাৰত! নেপাল, পাকিস্তান, শ্ৰীলংকাতকৈও অসুখী আমি…

নিউজ ডেস্কঃ ৰাজনীতিৰ যুঁজ-বাগৰ, শিক্ষা আৰু স্বাস্থ্যক লৈ সংগ্ৰাম আৰু সংস্থাপনহীনতাৰ অশনি সংকটৰ মাজতে প্ৰকাশ পালে বিশ্বৰ সুখী দেশৰ তালিকা।

২০ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় সুখ দিৱসৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন সমাধান নেটৱৰ্কে প্ৰকাশ কৰা ‘বিশ্ব সুখ প্ৰতিবেদন’ৰ দশম সংস্কৰণৰ পাছত এতিয়া অলেখ ভাৰতীয়ৰ মনত এই প্ৰশ্নৰ উদয় হৈছে যে আমি কিয় সুখী নহয়?

বিশ্বৰ ১৩৬ খন দেশৰ ভিতৰত সুখী দেশৰ তালিকাত ১২৫ সংখ্যক স্থানত আছে ভাৰত। ০ৰ পৰা ১০ ভিতৰত ভাৰতৰ সুখৰ হাৰ মাত্ৰ ৪।

দুখৰ বিষয় যে, পাকিস্তান, নেপাল, বাংলাদেশতকৈও নিম্নত ভাৰতৰ স্থান। আনকি অৰ্থনৈতিক মন্দাৱস্থাৰ সৈতে যুঁজ দি থকা শ্ৰীলংকাতকৈও তলত আছে ভাৰত এই তালিকাত।

অৱশ্যে সুখৰ বিষয় এয়ে যে তালিবান শাসিত আফগানিস্তানতকৈ উৰ্ধ্বত আছে ভাৰত।

আন এটা সুখৰ বিষয় হৈছে বিগত বৰ্ষৰ প্ৰতিবেদনতকৈ এইবাৰ ৯টা স্থান আগবাঢ়িবলৈ সক্ষম হৈছে ভাৰত। ২০২২ বৰ্ষত বিশ্বৰ সুখী দেশৰ তালিকাত বাৰতৰ স্থান আছিল ১৩৬।

দৰাচলতে এখন দেশৰ নাগৰিকৰ বাৰ্ষিক জনমূৰি আয়, স্বাস্থ্য আৰু শিক্ষাৰ অধিকাৰ, জীৱন যাপন পদ্ধতি, বাক স্বাধীনতাকে ধৰি লাভ কৰা অন্যান্য স্বাধীনতা, দুৰ্নীতি, ৰাজনৈতিক পৰিস্থিতি আদিৰ ওপতৰ ভিত্তি কৰি ৰাষ্ট্ৰসংঘই নিৰ্ধাৰণ কৰে দেশখনৰ সুখৰ হাৰ।

এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ দৰে এখন উন্নয়নশীল দেশ সুখী হোৱাৰ ক্ষেত্ৰত চুবুৰীয়া পাকিস্তান, বাংলাদেশ, নেপাল, শ্ৰীলংকাতকৈও পিছ পৰি ৰোৱাটো স্বাভাৱিকতে এক চিন্তাৰ বিষয়।

বিশ্বৰ সুখী দেশৰ তালিকাত ষষ্ঠ বাৰৰ বাবে শীৰ্ষত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ফিনলেণ্ডে। কিন্তু ৫৫ লাখ জনসংখ্যাৰ এই সৰু ৰাষ্ট্ৰখন কিহৰ বাবে ইমান সুখী?

ফিনলেণ্ডৰ নাগৰিকৰ বাৰ্ষিক জনমূৰি আয় ৫৫৯৪০ পিপিপি ডলাৰ। যাৰ বাবে এই দেশৰ নাগৰিকৰ জীৱন-যাপন পদ্ধতিও অতি উন্নতমানৰ।

ইয়াৰ উপৰিও ফিনসকলে বিশ্বাস কৰে যে প্ৰকৃতিয়ে তেওঁলোকৰ সুখত অৰিহণা যোগাইছে।

দৰাচলতে ২০২১ চনৰ এক সমীক্ষা অনুসৰি ৮৭ শতাংশ ফিন নাগৰিকে প্ৰকৃতিক তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰে।

তেওঁলোকৰ মতে প্ৰকৃতি হৈছে মানসিক শান্তি, শক্তি আৰু কৰ্মোদ্যম প্ৰদানৰ কাৰক। ফিনলেণ্ডত কৰ্মচাৰীসকলে চাৰি সপ্তাহৰ গ্ৰীষ্মকালীন ছুটীৰ অধিকাৰী।

ফিনলেণ্ড ইমান সুখী ঠাই হোৱাৰ আন এটা ডাঙৰ কাৰণ হ’ল মুক্ত, শিথিল জীৱনশৈলী। পশ্চিমীয়া বিশ্বৰ বহু অংশৰ তুলনাত ফিনলেণ্ড অধিক লেইড-বেক আৰু নিজৰ লগত অধিক শান্তিপূৰ্ণ।

ফিনলেণ্ডৰ সংস্কৃতিও অতি উষ্ণ আৰু প্ৰতিযোগিতাতকৈ সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সুখৰ বাবে এটা জটিল পৰিমাপ হ’ল মানুহে কিমান নিৰাপদ অনুভৱ কৰে।

এই পৰিমাপতো ফিনলেণ্ড উৰ্দ্ধত। ফিনলেণ্ডত অপৰাধৰ হাৰ তেনেই সীমিত। মহিলাৰ বাবেও যথেষ্ট সুৰক্ষিত এই ৰাষ্ট্ৰ।

ইয়াৰ উপৰিও সৰু দেশখনৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থাই নাগৰিকক সুখী কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এনে নহয় যে ফিনলেণ্ডত দুখীয়া মানুহ নাই। কিন্তু শিক্ষা, স্বাস্থ্যৰ সমান্তৰালভাৱে বাসস্থান লাভ কৰাৰো অধিকাৰ লাভ কৰে এই দেশৰ প্ৰতিজন নাগৰিকে।

বিশ্বৰ সুখী দেশৰ তালিকাত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে আন দুখন সৰু ৰাষ্ট্ৰ ডেনমাৰ্ক আৰু আইলেণ্ড। তালিকাৰ চতুৰ্থ স্থান লাভ কৰিছে বিশ্বৰ অন্যতম উন্নত দেশ ইজৰাইল।

লক্ষণীয়ভাৱে ইজৰাইলত দৰিদ্ৰতাৰ হাৰ যথেষ্ট বেছি। প্ৰতিবেদন অনুসৰি, দেশখনৰ ২০ শতাংশ লোকেই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে।

তৎসত্বেও এই দেশৰ চৰকাৰে প্ৰতিজন নাগৰিকক সুখী জীৱন যাপন প্ৰদান কৰে। ৰাষ্ট্ৰখনৰ সুস্থিৰ প্ৰশাসন ব্যৱস্থাই দেশবাসীক নিৰাপত্তা প্ৰদানৰ প্ৰতি দায়বদ্ধ।

তদুপৰি এই দেশৰ প্ৰতিটো শিশু উচ্চ শিক্ষা আৰু চিকিৎসাৰ অধিকাৰী। যাৰ বাবে দুখীয়া হ’লেও নাগৰিকে এক সন্তোষজনক জীৱন লাভ কৰিবলৈ সক্ষম হয়।

কিন্তু এই সকলোবোৰৰ বিপৰীতে ভাৰতে এতিয়াও সুখৰ ভাগফলত উচ্চ স্থান লাভ কৰিবলৈ সংগ্ৰাম কৰি আছে আৰু বিশ্বৰ ২০খন অসুখী দেশৰ ভিতৰত আছে।

ভাৰত হয়তো আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি, কিন্তু ই বেছি সুখী নহয়। ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট অনুসৰি ১৩৬খন দেশৰ ভিতৰত দেশখনে তলৰ পৰা ১২৫নং স্থান লাভ কৰিছে।

এই ৰেংকিং আনকি ইয়াৰ চুবুৰীয়া ৰাষ্ট্ৰ যেনে নেপাল, চীন, বাংলাদেশ আৰু শ্ৰীলংকাৰ তলত আছিল। তালিকাৰ একেবাৰে তলত ১৩৭ নম্বৰ স্থানত আছে আফগানিস্তান।

ভাৰত অসুখী ৰাষ্ট্ৰৰ ভিতৰতে এতিয়াও আৱদ্ধ হৈ থকাৰ কাৰণ বিশ্লেষণ কৰিলে অনেক দেখা পোৱা যায়।

বিশেষকৈ বৰ্তমান সময়ত ভাৰতৰ ৰাজনৈতিক যুঁজ-বাগৰ, শিক্ষা আৰু স্বাস্থ্য সেৱাৰ সীমাবদ্ধতাই দেশবাসীক অসুখী কৰি ৰখাত কাৰক হৈ আছে।

ইয়াৰোপৰি ভাৰতৰ বাৰ্ষিক জনমূৰি আয় হৈছে ৭১৩০ পিপিপি ডলাৰ। যিখনৰ দেশৰ আধাতকৈও অধিক পৰিয়াল এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে তেওঁলোকৰ বাবে সুখী হোৱাৰ উপায়েই বা কি?

আনহাতে আমাৰ দেশত ঘোচখোৰ নেতা-আমোলাৰ ৰাজত্বইও অসুখী কৰি ৰাখিছে সাধাৰণ নাগৰিকক। নিৰ্বাচনৰ সময়ত অনেক প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰাৰ পিছত জনতালৈ পিঠি দিয়া জননেতাৰ কৰ্মকাণ্ডই ভাৰতীয়ক সদায় নিৰাশেই কৰি আহিছে।

কিন্তু ‘মাষ্টৰৰ পুতেকেই ফেইল কৰিছে, আমি কেনেকৈ পাছ কৰিম’ বুলি নিজৰ দোষ ঢাকিবলৈ চেষ্টা কৰা সকলে এতিয়া ভাৰতৰ তুলনা আফগানিস্তানৰ সৈতে কৰিবলৈ ভাল পাব, যাৰ স্থান সুখী দেশৰ তালিকাত ভাৰততকৈও নিম্নত।

যদি তেনে হয়, তেন্তে আফগানিস্তানৰ দৰে ভাৰততো স্বৈৰাছাৰী তালিবানী শাসন চলিছে নেকি বুলিও এক প্ৰশ্ন উত্থাপন কৰাৰ অৱকাশ ৰৈ যাব।