দ্বিতীয় বাৰৰ বাবে অসম-মেঘালয় সীমান্তৱৰ্তী এলেকা পৰিদৰ্শন দুই ৰাজ্যৰ প্ৰতিনিধিৰ…

অসম-মেঘালয় সীমান্তত উপস্থিত হৈ সীমান্তবাসীৰ সৈতে মত বিনিময় দুই ৰাজ্যৰ মন্ত্ৰীৰ।

অসম-মেঘালয়ৰ কামৰূপ আৰু খাচী পাহাৰ জিলাৰ সীমান্তত শুকুৰবাৰে উপস্থিত হয় দুই ৰাজ্যৰ প্ৰতিনিধি।

কামৰূপ আৰু পশ্চিম খাচী পাহাৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত অসমৰ মন্ত্ৰী অতুল বৰা আৰু মেঘালয়ৰ মন্ত্ৰী ৰেনিক্তন আই টোনখোৰৰ নেতৃত্বত সীমান্তৰ দুই ৰাজ্যৰ প্ৰতিনিধিৰ দল তিনিটা স্থানত উপস্থিত হৈ সীমান্তবাসীৰ সাক্ষ্য গ্ৰহণ কৰে।

আপাৰ তাৰাবাৰী, ডবক টৰক আৰু গামেৰিমুৰাত ৰাইজৰ সতে মত বিনিময় কৰে দুই ৰাজ্যৰ প্ৰতিনিধিয়ে।

এই অসমৰ প্ৰতিনিধি দলত বকোৰ বিধায়িকা নন্দিতা দাসো অংশগ্ৰহণ কৰে।

হেলিকপ্টাৰেৰে দলটো প্ৰথমে উপস্থিত হয় আপাৰ তাৰাবাৰীত। তাৰ পিছত গামেৰিমুৰা আৰু ডবকদ্ৰুপ অঞ্চলত উপস্থিত হয় দুই ৰাজ্যৰ প্ৰতিনিধিৰ দল।

উল্লেখ্য যে, অসমৰ আপাৰ তাৰাবাৰী হিচাপে পৰিচিত স্থানৰ অধিকাংশ লোকে মেঘালয়ত চামিল হোৱাৰ পোষকতা কৰে।

অসম চৰকাৰৰ চৰম হেমাহীৰ বাবে ১৩খন গাৰো গাৱঁৰ লোক এই পন্থা গ্ৰহণ কৰা বুলি কয় স্থানীয় লোক সকলে।

ইফালে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী অহা ১৬ নৱেম্বৰত সীমা সমস্যা সমাধানক লৈ উপস্থিত হ’ব চিৰসেউজ লাম্পীত।

দীৰ্ঘদিনীয়া সীমা সমস্যা দিশত আগবঢ়া দুই ৰাজ্যৰ প্ৰদক্ষেপ ফলপ্ৰসূ হব বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই।

Leave a Comment