অসম

হাফপেন্ট পিন্ধি দৌৰাৰ অনুশীলন কৰা কিশোৰীৰ বিৰুদ্ধে গাঁৱৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ, আপোনাৰ মতামত?

হাফপেন্ট পিন্ধি দৌৰাৰ অনুশীলন কৰা কিশোৰীৰ বিৰুদ্ধে গাঁৱৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ।

কাৰ্বি আংলঙৰ বৈঠালাংছৰ নিকটৱৰ্তী ছবিন মাৰ্কেটৰ এগৰাকী দুখীয়া ঘৰৰ ক্ৰীড়া খেলুৱৈ কিশোৰীয়ে হাফপেণ্ট পিন্ধি দৌৰাৰ অনুশীলন কৰাৰ বাবে ৰাজহুৱা সভাত সমলোচনাৰ সন্মুখীন হ’ব লগা হৈছে।

এই বিতৰ্ক মূলক সমালোচনা কৰিছে বৰবিল আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বিশ্বোৰাম ৰোমাই।

আন্তঃ জিলা পৰ্যায়ত অসমৰ কেইবাখনো ঠাইত হকী আৰু ফুটবল খেলি অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই অনা কিশোৰী গৰাকীয়ে নিতৌ পুৱা গধূলি চাৰি কিলʼমিটাৰ পথ হাফ পেণ্ট পিন্ধি দৌৰাৰ অনুশীলন কৰিবলৈ যায়।

কিশোৰী গৰাকীয়ে অনুশীলন কৰিবলৈ হাফপেণ্ট ব্যৱহাৰ কৰা কাৰ্য‌ই সমগ্ৰ ছবিন মাৰ্কেটৰ পৰিৱেশ বিনষ্ট কৰিছে বুলি বৰবিল আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বিশ্বোৰাম ৰোমাই অলপতে অনুষ্ঠিত হোৱা দুখন আঞ্চলিক সমিতিৰ ৰাজহুৱা সভাত উনুকিয়াই দিছিল।

ইয়াৰ পাছতে কিশোৰী গৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত কচুৱা থানাত এজাহাৰ দিয়ে যদিও আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

যি সময়ত শাসনাধিষ্ট চৰকাৰখনে ক্ৰীড়া জগতৰ হকে গুৰুত্ব দি আহিছে ঠিক তেনে সম‌য়তে এনে ধৰণৰ কথাই খেলুৱৈ গৰাকীক নিৰোৎসাহিত কৰিব বুলি সচেতন মহলত চৰ্চা চলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *