দ্বাদশ বাৰৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে RJDৰ অধ্যক্ষ নিৰ্বাচিত লালু প্ৰসাদ যাদৱ

নিউজ ডেস্কঃ দ্বাদশ বাৰৰ বাবে আৰজেডিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হ’ল লালু প্ৰসাদ যাদৱ। বুধবাৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাষ্ট্ৰীয় জনতা দলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয় লালু প্ৰসাদ যাদৱ।

উল্লেখ্য যে, বৰ্তমান শাৰীৰিক অসুস্থতা ভুগি থকা লালুপ্ৰসাদ যাদৱে দিল্লীস্থ দলৰ মুখ্য কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিছিল।

কেৱল তেঁৱেই দলৰ অধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰাৰ পৰিপ্ৰেক্ষিতত বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁ জয়লাভো কৰে।

অৱশ্যে অহা ১০ অক্টোবৰতহে লালুপ্ৰসাদক দলৰ অধ্যক্ষৰূপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে আৰজেডিৰ নেতা উদয়ন নাৰায়ণ চৌধুৰীয়ে।

উল্লেখ্য যে, জনতা দলৰ পৰা পৃথক হৈ লালুপ্ৰসাদ যাদৱে ১৯৯৭ চনৰ ৫ জুলাইত ৰাষ্ট্ৰীয় জনতা দলৰ গঠন কৰিছিল।

তেতিয়াৰে পৰা বিগত ২৫ বছৰত ১২ বাৰৰ বাবে দলৰ অধ্যক্ষ হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰি আহিছে লালু প্ৰসাদ যাদৱে।