দেশৰ শ্বেয়াৰ বজাৰৰ ‘বিগ বুল’ ৰাকেশ ঝুনঝুনৱালাৰ আকস্মিক মৃত্যু

নিউজ ডেস্ক। ৰাকেশ ঝুনঝুনৱালাৰ মৃত্যু।

দেশৰ শ্বেয়াৰ বজাৰৰ ‘বিগ বুল’ খ্যাত ৰাকেশ ধন কুবেৰ ৰাকেশ ঝুনঝুনৱালাৰ বিগত কিছুদিন ধৰি একাধিক শাৰীৰিক সমস্যাত ভুগি আছিল।

৫ জুলাই ১৯৬੦ চনত হায়দৰাবাদত জন্মগ্ৰহণ কৰা ৰাকেশ ঝুনঝুনৱালাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬২ বছৰ।

G5 1
দেশৰ শ্বেয়াৰ বজাৰৰ 'বিগ বুল' ৰাকেশ ঝুনঝুনৱালাৰ আকস্মিক মৃত্যু 2

উল্লেখ্য যে শ্বেয়াৰ বজাৰত সঠিক প্ৰতিষ্ঠানত ধন বিনিয়ােগৰ জৰিয়তে অগাধ ধনৰ গৰাকী হৈ দেশজুৰি সুখ্যাতি লাভ কৰিছিল ব্যৱসায়ীজনে।

ইয়াৰ উপৰি কিছুদিন পূৰ্বেই তেওঁ প্ৰতিষ্ঠা কৰা ‘আকাশা এয়াৰ’ৰ বিমানসেৱা দেশজুৰি আৰম্ভ হৈছিল।

তেঁওৰ আকস্মিক মৃত্যুৰ খবৰে বিভিন্ন মহলত শােকৰ ছাঁ পেলাইছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়ে টুইট কৰি তেওঁৰ মৃত্যুত গভীৰ শােক প্ৰকাশ কৰিছে।

তেওঁ লিখিছে, ‘ৰাকেশ ঝুনঝুনৱালা অদম্য আছিল। জীৱন, কৌতুকপূৰ্ণ আৰু অন্তৰ্দৃষ্টিৰে পৰিপূৰ্ণ, তেওঁ বিত্তীয় জগতলৈ এক অমলিন অৱদান এৰি থৈ গৈছে। তেওঁ ভাৰতৰ প্ৰগতিৰ প্ৰতিও অতি উৎসাহী আছিল। তেওঁৰ মৃত্যু দুখজনক। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি মোৰ সমবেদনা। ওম শান্তি।’