দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ দীপাৱলীৰ উপহাৰ, আজি ৭৫ হাজাৰ নিবনুৱাক নিযুক্তি পত্ৰ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে…

দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দীপাৱলীৰ উপহাৰ।

আজি মুকলি কৰা হ’ব দেশৰ সৰ্ববৃহৎ নিযুক্তি মেলা। ভিডিঅ’ কনফাৰেন্সযোগে মুকলি কৰা হ’ব নিযুক্তি মেলা।

৭৫ হাজাৰ যুৱকক নিযুক্তি পত্ৰ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ উদ্বোধন কৰিব কৰিব ৰোজগাৰ মেলাৰ।

এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে মুঠ ১০ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

আজিৰ কাৰ্যসূচীত প্ৰায় ৩৮টা বিভাগৰ মুঠ ৭৫ হাজাৰ নিবনুৱাক চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব।

এই অভিযানৰ উদ্দেশ্য এয়ে যে, ১৮ মাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ সকলো খালী পদ পূৰণ কৰা।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে এই বছৰৰ জুন মাহত খালী পদসমূহ পূৰণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।

পৰৱৰ্তী বাকী থকা যুৱক-যুৱতীক বিভিন্ন বিভাগত নিযুক্তি দিয়াৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ।