গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে শুক্ৰবাৰে ঘোষণা কৰা হয় অসম লোকসেৱা আয়োগৰ ২০২০ বৰ্ষৰ চূড়ান্ত ফলাফল।
APSCৰ ফলাফল ঘোষণাৰ পাছতে উত্তীৰ্ণৰ পৰিয়ালত দেখা গৈছে আনন্দৰ বন্যা।

অসমৰ এগৰাকী চিকিৎসকেও উত্তীৰ্ণ হৈছে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত।
ৰাজ্যখনৰ ভিতৰতে তৃতীয় স্থানত সুখ্যাতিৰে উত্তীৰ্ণ হ’ল মঙলদৈ অধিকাৰী গাঁৱৰ ডাঃ জেবিন গোলনা।
ডাঃ জেবিন গোলনা পেছাত এগৰাকী পশু চিকিৎসক।
অসমৰ ভিতৰত ACSত তৃতীয় স্থান লাভ কৰি মঙলদৈলৈ লৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে জেবিনাই।

ডাঃ জেবিনা গোলনাৰৰ সাফল্যত উৎফুল্লিত মঙলদৈবাসী।
উল্লেখ্য যে, শুক্ৰবাৰে অসম লোকসেৱা আয়োগৰ ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল অসম চৰকাৰৰ ৩৩১ টা গুৰুত্বপূৰ্ণ পদবীৰ বাবে ঘোষণা কৰা হয়।
এই ফলাফলত অসম অসামৰিক সেৱাৰ বাবে ১২১ জন, অসম আৰক্ষী সেৱাৰ বাবে ৬৯ জন, কৰ অধীক্ষক ৬ জন, জিলা পৰিবহণ বিষয়া ৫ জন, শ্ৰম পৰিদৰ্শক ১৮ জন, কৰ পৰিদৰ্শক ২৭ জন, আবকাৰী পৰিদৰ্শক ৭ জন, খণ্ড উন্নয়ন বিষয়া ৩৩ জন, সহকাৰী নিয়োগ বিষয়া ৪ জন, উপ-পঞ্জীয়ক ৩১ জন, সহকাৰী উদ্যোগ পৰিবন্ধক ১০ জনক নিযুক্তি দিয়া হৈছে।









