দেশত প্ৰতি বছৰে পথ দুৰ্ঘটনাত মৃত্যু হয় ১.৫০ লাখৰো অধিক লোকৰঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিলে তথ্য

নিউজ ডেস্কঃ ভাৰতত প্ৰতি বছৰে লাখ লাখ লোকৰ মৃত্যু ঘটে পথ দুৰ্ঘটনাত। দেওবাৰে এক অনুষ্ঠানত অংশ লৈ এই তথ্য সদৰী কৰে কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে।

ভাৰত চৰকাৰৰ এক বিতং প্ৰকল্প প্ৰতিবেদনত (ডিপিআৰ) প্ৰকাশ পোৱা তথ্য অনুসৰি দেশত প্ৰতি বছৰে হোৱা প্ৰায় ৫ লাখ পথ দুৰ্ঘটনাত ১.৫০ লাখৰো অধিক লোকে প্ৰাণ হেৰুৱায় বুলিও গাডকাৰীয়ে উল্লেখ কৰে।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীগৰাকীয়ে মুম্বাইত অসামৰিক অভিযন্তাসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত প্ৰদান কৰা ভাষণৰ সময়তে এই কথা ব‍্যক্ত কৰে। এই মৃত্যুৰ সংখ্যা কেৱল পৰামৰ্শদাতাসকলৰ দ্বাৰা প্ৰস্তুত কৰা বিতং প্ৰকল্প প্ৰতিবেদনত মানুহে কৰা ভুলৰ বাবেই ইমান বেছি হোৱা বুলি তেওঁ দাবী কৰে। বেছিভাগ ডিপিআৰ অতি ৰক্ষণশীল বুলিও তেওঁ মত পোষণ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে ৰাস্তাত দুৰ্ঘটনাপ্ৰৱণ স্থান সমূহ উন্নত কৰাৰ ওপৰত গুৰুত্ব দি ডিপিআৰ প্ৰস্তুতিৰ বাবে গুণগত পৰিৱৰ্তন অনাৰ প্ৰয়োজন আছে।

উল্লেখযোগ্য যে, দেওবাৰে এক বিবৃতিৰ জড়িয়তে গাডকাৰীয়ে বিজেপি ক্ষমতালৈ অহাত অটল বিহাৰী বাজপেয়ী, এল কে আদৱানী আৰু দীনদয়াল উপাধ্যায়ৰ আটাইতকৈ শক্তিশালী হাত আছিল বুলিও প্ৰকাশ কৰে। লক্ষ্মণৰাও মনকাৰ স্মৃতি সংস্থানৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ভাষণ দি গাডকাৰীয়ে দেওবাৰে এই মনৰ ভাৱ ব‍্যক্ত কৰে। তেওঁ বিজেপিৰ ১৯৮০ চনৰ সন্মিলনত বাজপেয়ীৰ ভাষণৰ কথাও স্মৰণ কৰে। গাডকাৰীয়ে বাজপেয়ীৰ উদ্ধৃতি দি কয়, “অন্ধকাৰ আঁতৰ হ’ব, সূৰ্য ওলাই আহিব, পদুম ফুলিব।’’