ৰাষ্ট্ৰীয়

দেশক প্ৰতাৰণা! পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰি গ্ৰেপ্তাৰ BSF জোৱান…

দেশক প্ৰতাৰণা এগৰাকী BSF জোৱানৰ।

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰি গ্ৰেপ্তাৰ BSF জোৱান।

গুজৰাটৰ কচ্ছ সীমান্তত পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰিছিল জোৱানজনে।

চোৰাংচোৱা সংস্থাৰ পৰা লাভ কৰা গোপন তথ্যৰ পাচতে গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডে জোৱানজনক হাতে-লোটে কৰায়ত্ত কৰে।

জানিব পৰা মতে, কাশ্মীৰী জোৱানজনে যোৱা সাত বছৰ ধৰি সীমান্ত সুৰক্ষা বাহিনীৰ গান্ধীধাম গোটত নিয়োজিত আছিল।

ইয়াৰ পূৰ্বে কাশ্মীৰী জোৱানজন ত্ৰিপুৰাত কৰ্তব্যৰত হৈ আছিল আৰু তেতিয়াৰ পৰাই তেওঁ চোৰাংচোৱা সংস্থাৰ নিৰীক্ষণত আছিল।

পিছত, কচ্ছ গান্ধীধামৰ ৭৪ সংখ্যক বেটালিয়নত নিয়োজিত হয়।

অৱশেষত তেওঁ সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডৰ জালত পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *