অসমঅসমীয়া

অচিনাক্ত বাহনৰ খুন্দাত বাইক আৰােহী যুৱকৰ মৃত্যু

নিউজ ডেস্ক। মৰিগাঁও জিলাৰ মায়ং থানা আৰু কামৰূপ জিলাৰ প্ৰাগজ্যোতিষপুৰ থানাৰ সীমান্তৱৰ্তী ঢেকীয়াবাৰীত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয়।

জানিব পৰা মতে, যুৱকজনৰ নাম শ্ৰীমন্ত তালুকদাৰ।

এখন অচিনাকি চাৰিচকীয়া বাহনখনে এএছ ০১এ কে-৫৬৩৭ নম্বৰৰ বাইকখনৰ সৈতে সংঘৰ্ষ হয়। কিন্তু যুৱকজনৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ সলনি বাহনখনৰ চালকে ঘটনাস্থলী এৰি পলায়ন কৰে।

দুৰ্ঘটনাৰ ফলত বাইক আৰোহী যুৱকজনৰ থিতাতে মৃত্যু হয়।

পিছত ততাতৈয়াকৈ স্থানীয় ৰাইজে যুৱকজনক নুনমাটি ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *